ETV Bharat / state

চিকিৎসকৰ বিৰুদ্ধে ৰোগী অভিভাৱকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ - চিকিৎসক

চিলাপথাৰত তিনিজন চিকিৎসকৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠিছে এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় এম আৰ ডি হাস্পতাল । কিন্তু এইখন যেন মানৱ সেৱাৰ অৰ্থে স্থাপন কৰা চিকিৎসালয় নহয় । চিকিৎসালয়খনৰ চিকিৎসকৰ বিৰুদ্ধে উঠিছে ৰোগীৰ অভিভাৱকক দুৰ্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ ৷

miss behave
miss behave
author img

By

Published : Oct 25, 2020, 10:48 PM IST

জোনাই ২৫ অক্টোবৰ : মানৱ সেৱাৰ বাবে উৎসৰ্গিত এটা বৃত্তি চিকিৎসক । বহুতো চিকিৎসকে নিজৰ জীৱনোকো তুচ্ছ জ্ঞান কৰি আগবঢ়াই আহিছে চিকিৎসা সেৱা । কিন্তু একাংশ চিকিৎসকৰূপী দানৱৰ হাতত পৰি এই পবিত্ৰ মানৱ সেৱাৰ বৃত্তিটো পৰিণত হৈছে কেৱল দাদাগিৰী কৰি ধন ঘটাৰ বৃত্তিলৈ । চিলাপথাৰৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত শনিবাৰে সংঘটিত হোৱা এনে এক ঘটনাই লজ্জানত কৰিছে সভ্য সমাজক ।

চিকিৎসকৰ বিৰুদ্ধে ৰোগী অভিভাৱকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ

চিলাপথাৰত তিনিজন চিকিৎসকৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠিছে এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় এম আৰ ডি হাস্পতাল । কিন্তু এইখন যেন মানৱ সেৱাৰ অৰ্থে স্থাপন কৰা চিকিৎসালয় নহয় । এইখন কেৱল এটা ধন ঘটাৰ কাৰখানাহে । শনিবাৰে নিশা প্ৰায় ৯ বজাত এক দুৰ্ঘটনাত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় চিলাপথাৰৰ বিপুলদ্বীপ চুতীয়াৰ চাৰি বছৰীয়া পুত্ৰ । তেজে তুমৰলি অৱস্থাত ততাতৈয়াকৈ লৈ যায় ওচৰতে থকা এইখন হাস্পতাললৈ । চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে 500 টকা জমা কৰিবলৈ কোৱাত ধন জমা কৰে অভিভাৱকে ৷ কিন্তু নাৰ্ছিং হোমখনত জৰুৰীকালীন সেৱাৰ বাবে থকা ডঃ নীতিন শাণ্ডিল্য নামৰ চিকিৎসকজনে মদ্যপান কৰি থকা অৱস্থাতে প্ৰায় ৪৫ মিনিটৰ পাচত আহি নাৰ্ছিং হোমখনৰ এজন স্বত্বাধিকাৰী চিলাপথাৰ আদৰ্শ চিকিৎসালয়ৰ শিশু বিশেষজ্ঞ ডঃ চন্দ্ৰজিত দলেৰ ওচৰলৈ পঠিয়াই অভিভাৱকক ।

ততাতৈয়াকৈ চন্দ্ৰজিৎ দলেৰ ঘৰত উপস্থিত হোৱাৰ পাচত তেওঁ এইখন নাৰ্ছিং হোম নহয় বুলি গালি শপনি পাৰি পুনৰ নাৰ্ছিং হোমখনলৈ পঠায় । নাৰ্ছিং হোমত চিকিৎসকজনে শিশুটিক চিকিৎসা কৰাৰ সলনি অশ্ৰাব্য ভাষাৰে অভিভাৱকক গালি শপনি পাৰি ওলাই যোৱাৰ অভিযোগ উঠিছে । উপায়ন্তৰ হৈ অভিভাৱকে নিশাই ৩৫ কিলোমিটাৰ দূৰৰ ধেমাজিৰ আন এখন নাৰ্ছিং হোমলৈ লৈ গৈ চিকিৎসা কৰে ।

এতিয়া প্ৰশ্ন হয় যদি চিকিৎসা সেৱা আগবঢ়াবই নোৱাৰে তেন্তে কিয় নাৰ্ছিং হোম খুলিছে । কেৱল দাদাগিৰীৰে ধন ঘটিবলৈকে নেকি ? নাৰ্ছিং হোমখনৰ চিকিৎসকৰ এনে কাণ্ডত জাঙুৰ খাই উঠিছে চিলাপথাৰৰ সচেতন সমাজ আৰু চিকিৎসক কেইজনৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ।

লগতে পঢ়ক : বিলাসীপাৰাত আৰক্ষীৰ জালত তিনি প্ৰবঞ্চক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.