ধেমাজি, ২০ জুনঃ ধেমাজিৰ বন বিভাগত ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ৷ দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক শাস্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷
ধেমাজি বনবিভাগত এতিয়া চৰম অৰাজকতা ৷ ইতিমধ্যে ধেমাজিৰ পূৰ্বৰ বন বিষয়া মহৎ চন্দ্ৰ তালুকদাৰক ধনৰ সৈতে হাতে লোতে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰৰ খবৰ মাৰ নাযাওতেই বৃহস্পতিবাৰে পুনৰ জোনাইৰ ফকৰুল ইছলাম নামৰ ৰেঞ্জাৰগৰাকীক কাঠ ব্যৱসায়ীৰ জব্দকৃত ট্ৰাক এৰি দিয়াৰ বাবদ ৫৫ হেজাৰ উৎকোচ লোৱাৰ অৱস্থাত ভিজিলেঞ্চ আৰু দুৰ্নীতি নিবাৰক শাখাই হাতেলোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
ইতিমধ্যে এই ঘটনাই জিলাখনত তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে ৷ এইক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,ধেমাজি বন বিভাগত সংঘটি হৈ থকা অবাধ দুৰ্নীতি এয়া উকৃষ্ট প্ৰমাণ ৷ মহৎ চন্দ্ৰ তালুকদাৰ দিনৰে পৰা এতিয়াও চলি আছে বিভাগটোত ব্যাপক দুৰ্নীতি ৷ বিভিন্ন সময়ত এই বিষয়ে সংগঠনৰ ফালৰ পৰা তীব্ৰ প্ৰতিবাদ কৰি আহিছিল ৷ তাৰোপৰি জিলাখনৰ চিমেন নদীৰ বনজ সম্পদ সমূহ বন মাফিয়াৰ সৈতে লুন্ঠন চলাই থকাৰ সম্পৰ্কত ধেমাজি জিলা উপায়ুক্তকো লিখিত ভাৱে জনাইছিল সংগঠনটোৱে ৷
আনহাতে,দুৰ্নীতিগ্ৰস্ত ৰেঞ্জাৰ গৰাকীক গ্ৰেপ্তাৰ কৰাৰ বাবে দুৰ্নীতি নিবাৰক শাখাক ধন্যবাদ জনাইছে সংগঠনটোৱে ৷ লগতে উক্ত ঘটনাৰ সৈতে ধেমাজি বনসংমণ্ডলৰ বন বিষয়া তথা আন বন বিষয়া-কৰ্মচাৰী জড়িত থকাৰ প্ৰমাণিত হ'লে উচিত শাস্তি দিবিলৈ চৰকাৰ প্ৰশাসনক দাবী জনাইছে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতিজনে ৷
লগতে পঢ়ক- নিশা হ'লেই নগাঁৱৰ বাইপাছত চলে বন্দুকধাৰী দুৰ্বৃত্তৰ সন্ত্ৰাস