ধেমাজি, ৬ ফেব্ৰুৱাৰী: বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোটাৰক আকৃষ্ট কৰিবলৈ ন ন কৌশল অৱলম্বন কৰিছে ৰাজনৈতিক দলসমূহে । সমান্তৰালকৈ দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈও সভা-সমিতি অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে । শুক্ৰবাৰে ধেমাজি নগৰৰ সমীপৰ কোৱাফলাস্থিত অসম জাতীয় পৰিষদৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয় । অৱসৰপ্ৰাপ্ত শিক্ষক মোলোক বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত খুবলীয়া আঞ্চলিক সমিতি গঠন কৰা হয় ।
বলীন দিহিঙীয়াক খুবলীয়া আঞ্চলিক সমিতিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে আৰু মোহন দাসক সম্পাদকৰ দায়িত্ব ন্যস্ত কৰা হয় । ৩১ জনীয়া সমিতিখন গঠন কৰি দলটোৱে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰাৰ পৰকল্পনা কৰিছে । সভাত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে অংশগ্ৰহণ কৰে ।
তেওঁ কয় যে, বৰ্তমান চৰকাৰে প্ৰলোভনৰ ৰাজনীতি কৰি বিষবাষ্প বিয়পাইছে আৰু জাতি, মাটি, ভেটি ৰক্ষা, পৰিৱৰ্তনৰ নামত জনসাধাৰণক কেৱল আভুৱা ভাৰিলে চৰকাৰখনে ৷ সেয়ে, ৰাইজে এইবাৰ পৰিত্ৰাণ বিচাৰিছে বুলি সমালোচনা কৰে নেতাগৰাকীয়ে ৷
লগতে পঢ়ক:ইতিহাস ! দেশৰ প্ৰথমটো পূৰ্ণকালীন মহিলা কোব্ৰা বেটালিয়ন মুকলি