জোনাই, 18 জুন: অসম হাজং জাতীয় পৰিষদ আৰু সদৌ অসম হাজং ছাত্ৰ সন্থাৰ এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা দেওবাৰে মাজৰবাৰীৰ তুলসীপুৰস্থিত ধেমাজি জিলা হাজং ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হয় । অসম হাজং জাতীয় পৰিষদৰ সভাপতি ৰঘুনাথ হাজং আৰু সদৌ অসম হাজং ছাত্ৰ সন্থাৰ সভাপতি নিত্যানন্দ হাজঙৰ সভাপতিত্বত অনুষ্ঠিত কৰে এই সভা ৷
এই সভাতে 11 জুনত ওদালগুৰিত অনুষ্ঠিত হোৱা কাৰ্যকৰী বৈঠকত গঠন কৰা কেন্দ্ৰীয় সমিতিৰ 31 জনীয়া সদস্যৰ 22 গৰাকী সদস্যৰ উপস্থিতিত অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় সমিতিখন ভংগ কৰে ৷ পূৰ্বৰ কেন্দ্ৰীয় কমিটিখন ভংগ কৰি নিত্যানন্দ হাজঙক সভাপতি আৰু ধনেশ্বৰ হাজঙক সাধাৰণ সম্পাদক হিচাপে লৈ কেন্দ্ৰীয় তদৰ্থ সমিতি গঠন কৰে ৷
পৰৱৰ্তী অধিবেশন অনুষ্ঠিত নোহোৱালৈকে নৱগঠিত তদৰ্থভিত্তিত সমিতিখনে সংগঠনৰ কাম কাজ চলাই লৈ যাবলৈ দায়িত্ব আৰু কৰ্তৃত্ব প্ৰদান কৰা বুলি উল্লেখ কৰে অসম হাজং জাতীয় পৰিষদৰ সভাপতি ৰঘুনাথ হাজঙে ৷ সভাত সদৌ অসম হাজং ছাত্ৰ সন্থাৰ সভাপতি নিত্যানন্দ হাজঙে প্ৰাক্তন সভাপতি সঞ্জীৱ কুমাৰ হাজং আৰু প্ৰাক্তন সম্পাদক বিজয় কুমাৰ হাজঙক সদৌ অসম হাজং ছাত্ৰ সন্থাৰ পদৰ পৰা অব্যাহতি দিয়াৰ কাৰণ ব্যাখ্যা কৰে ৷
‘‘সঞ্জীৱ কুমাৰ হাজঙক ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰা হাজং উন্নয়ন পৰিষদৰ অধ্যক্ষ পদত আৰু বিজয় কুমাৰ হাজঙক সদস্য পদত নিযুক্তি দিছে ৷ একেজন ব্যক্তি দুটা পদত অধিষ্ঠিত হৈ থকাটো যুক্তিসংগত নহয় ৷ সদৌ অসম হাজং ছাত্ৰ সন্থাৰ কাৰ্যকাল তিনি বছৰ আৰু কাৰ্যকাল উকলি 6 বছৰত ভৰি দিলে ৷ কিন্তু আজিলৈ এখনো কেন্দ্ৰীয় কাৰ্যকৰী বৈঠক আৰু অধিবেশন অনুষ্ঠিত নকৰিলে সঞ্জীৱ হাজঙৰ নেতৃত্বই ৷ তদুপৰি হাজং সমাজক সম্পূৰ্ণৰূপে অন্ধকাৰত ৰাখি কোনো সাংগঠনিক বা ৰাজহুৱাকৈ আলোচনা নকৰাকৈ বানাই সমাজক হাজং সমাজৰ লগত চামিল কৰি জনজাতিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা কাৰ্যই সকলোকে অসন্তুষ্ট কৰিছে ।’’
সভাই সদৌ অসম হাজং ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সঞ্জীৱ কুমাৰ হাজং আৰু প্ৰাক্তন সম্পাদক বিজয় কুমাৰ হাজঙে কোনো সাংগঠনিক কাম-কাজ আৰু সংগঠনৰ নামত মিটিং আহ্বান কৰিব নোৱাৰিব ৷ প্ৰাক্তন সভাপতি সঞ্জীৱ কুমাৰ হাজং আৰু প্ৰাক্তন সাধাৰণ সম্পাদক বিজয় কুমাৰ হাজঙক বানাই সমাজক হাজং সমাজৰ লগত চামিল কৰি জনজাতিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা কাৰ্য বন্ধ কৰিবলৈ সকীয়াই দিয়ে ৷
অসম হাজং জাতীয় পৰিষদ আৰু সদৌ অসম হাজং ছাত্ৰ সন্থাৰ যৌথ কেন্দ্ৰীয় অধিবেশন অহা ডিচেম্বৰ মাহত মাজৰবাৰী অঞ্চলৰ নলবাৰীত অনুষ্ঠিত কৰা আৰু সদৌ অসম হাজং ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় তদৰ্থ সমিতিখনক পূৰ্ণাংগ ৰূপত গঠন কৰা, জুলাই মাহৰ প্ৰথম সপ্তাহত অভ্যৰ্থনা সমিতি গঠন কৰাৰ প্ৰস্তাৱ লোৱা হয় সভাত ।