ধেমাজি,7 অক্টোবৰ: টাই-আহোম জনগোষ্ঠীক অতি শীঘ্ৰেই জনজাতিকৰণৰ লগতে ধেমাজি জিলাৰ উন্মুক্ত মথাউৰিসমূহ বিজ্ঞানসন্মভাৱে নিৰ্মাণ কৰাৰ দাবীৰে বুধবাৰে ধেমাজি সদৰত আটাছুৱে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আটাছুৰ দুই শতাধিক প্ৰতিবাদীয়ে বুধবাৰে ভিন্ন দাবী আৰু চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷
![জনজাতিকৰণৰ দাবীৰে ধেমাজিত আটাছুৰ প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dmj-01-aatasu-protest-7-oct-visbyte-as10021_07102020153416_0710f_01543_402.jpg)
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি টাই-আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মনোজ গগৈয়ে,চৰকাৰখনৰ জনপ্ৰতিনিধিসকলক তীব্ৰ সমালোচনা কৰে ৷ এগৰাকী সাংসদ আৰু বিধায়ক থকা স্বত্বেও তেওঁলোকে ৰাইজৰ ভিন্ন সমস্যা সমাধানত ব্যৰ্থ বুলি অভিযোগ উত্থাপন কৰে সম্পাদক গৰাকীয়ে ৷ তেওঁলোকৰ দাবী, ২১ৰ নিৰ্বাচনৰ পূৰ্বে টাই-আহোমে ধৰি 6 জনগোষ্ঠীক যেন জনজাতিকৰণ কৰে ৷
লগতে পঢ়ক: অৰুণোদয় আঁচনিত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ