ETV Bharat / state

শিক্ষামন্ত্ৰীৰ সমষ্টিতে ইউনিফৰ্ম পৰিহিত ছাত্ৰীৰ হত্যা হোৱাক লৈ সৰৱ আছু

author img

By

Published : Aug 26, 2021, 10:43 PM IST

মৰিধল মহাবিদ্যালয়ৰ প্ৰয়াত ছাত্ৰী নন্দিতা শইকীয়া ন্যায়ৰ দাবীত ৰাজজুৰি চলিছে ব্যাপক প্ৰতিবাদ ৷ বৃহস্পতিবাৰে সন্ধিয়া নন্দিতা শইকীয়াৰ ন্যায়ৰ দাবীত এক প্ৰতিবাদী সমদল উলিয়াই ধেমাজি জিলা ছাত্ৰ সন্থাই ৷

aasu-protests-in-dhemaji-against-nandita-saikia-murder-case
শিক্ষামন্ত্ৰীৰ সমষ্টিতে ইউনিফৰ্ম পৰিহিত ছাত্ৰীৰ হত্যা হোৱাকলৈ সৰৱ আছু

ধেমাজি, 26 আগষ্ট : ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ প্ৰয়াত ছাত্ৰী নন্দিতা শইকীয়াৰ ন্যায়ৰ দাবীত সমগ্ৰ ৰাজ্যত সৃষ্টি ব্যাপক ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ৷ বৃহস্পতিবাৰে সন্ধিয়া প্ৰয়াত ছাত্ৰী গৰাকীক ন্যায় দিয়াৰ বাবে বন্তি প্ৰজ্বলন কৰি এক প্ৰতিবাদী সমদল উলিয়াই ধেমাজি জিলা ছাত্ৰ সন্থাই(Dhemaji district Students' union) ৷ ধেমাজি জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বৃহস্পতিবাৰে সন্ধিয়া ধেমাজি জিলা ছাত্ৰ সন্থাৰ ভৱনৰ সন্মুখত সমবেত হৈ প্ৰতিবাদকাৰী সকলে প্ৰথমে বন্তি প্ৰজ্বলন কৰি প্ৰয়াত ছাত্ৰী গৰাকীক শ্ৰদ্ধা জনায় ৷

ইয়াৰ পিছতে ধেমাজি নগৰৰ মাজেৰে হাতে হাতে মমবাতি লৈ প্ৰতিবাদী মৌন সমদল উলিয়াই ছাত্ৰ-ছাত্ৰী সকলে ৷ প্ৰতিবাদী সমদলটোত অংশগ্ৰহণ কৰি ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক শৰ্মাই কয় যে, চৰকাৰে দোষীক কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে ৷ দোষীয়ে এনে শাস্তি পাব লাগে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি হব নোৱাৰে ৷

ইতিমধ্যে যদিও দোষীক ফাষ্টট্ৰেক আদালত(fast track court)ত বিচাৰ কৰি শাস্তি দিব বুলি ঘোষণা কৰা হৈছে, এই ঘোষণা যাতে কেৱল ঘোষণা হৈ নাথাকি অতি ক্ষীপ্ৰতাৰে বিচাৰ প্ৰক্ৰিয়া সম্পন হয় আৰু দোষীয়ে শাস্তি পায় সেই দাবী জনালে ছাত্ৰ নেতাগৰাকীয়ে ৷ ইয়াৰোপৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী গৰাকীৰ গৃহ-সমষ্টি(home constituency of education minister of state)তে এইদৰে এগৰাকী ছাত্ৰীক হত্যা কৰা হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে শৰ্মাই ৷

আনহাতে, ধেমাজি চহৰ মাজ-মাজিয়াত আৰক্ষী থানাৰ পৰা নিকটৱৰ্তী এটা স্থানত দিন-দুপৰতে নিৰ্দয়ভাৱে এগৰাকী ইউনিফৰ্ম পৰিহিত ছাত্ৰীৰ হত্যা হোৱাটোৱে আৰক্ষী প্ৰশানৰ চূড়ান্ত ব্যৰ্থতা উদঙাই দিয়া বুলি মন্তব্য কৰে জিলা ছাত্ৰ সন্থাৰ সভাপতি গৰাকীয়ে ৷ বৃহস্পতিবাৰৰ এই প্ৰতিবাদী সমদলত ধেমাজি মহাবিদ্যালয় ছাত্ৰ একতা সভা, মৰিধল মহবিদ্যালয়ৰ ছাত্ৰ-একতা সভা আৰু বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভায়ো অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : ফাষ্ট ট্ৰেক আদালতত হ'ব নন্দিতা শইকীয়া হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.