ধেমাজি,29 জুলাইঃ সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ আহ্বানত মাছখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত বুধবাৰে ধেমাজি জিলাৰ মাছখোৱা চিচিমুখৰ চিচি টেকেলীফুটা মথাউৰি জিউ টিউব পদ্ধতিৰে নিমাৰ্ণ কৰাৰ দাবীত ৰূপায়ণ কৰা হয় মানৱ শৃংখল কাৰ্যসূচী ৷ মথাউৰিত সমবেত হৈ শতাধিক প্ৰতিবাদীয়ে প্ৰতিকূল বতৰকো নেওচি জলসম্পদ বিভাগ হুচিয়াৰ,অসম চৰকাৰ হায় হায়,কেন্দ্ৰীয় চৰকাৰ হায় হায় আদি চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ ৷
মথাউৰি নিৰ্মাণৰ দাবীত ধেমাজিত ছাত্ৰ সন্থাৰ প্ৰতিবাদ - embankment issue
ধেমাজি চিচিমুখৰ চিচি টেকেলীফুটা মথাউৰিত ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ প্ৰতিকূল বতৰকো নেওচি ছাত্ৰ সংগঠনৰ আহ্বানত ওলাই আহিল শ শ ৰাইজ ৷ শীঘ্ৰেই আওপুৰণি মথাউৰিটো নিমাৰ্ণৰ দাবী প্ৰতিবাদী ৰাইজৰ ৷
মথাউৰি নিৰ্মাণৰ দাবীত ধেমাজিত ছাত্ৰ সন্থাৰ প্ৰতিবাদ