ETV Bharat / state

জোনাইত মুৰ্কংচেলেকত আছুৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Jul 28, 2020, 5:34 PM IST

Updated : Jul 28, 2020, 6:16 PM IST

মুৰ্কংচেলেক খণ্ড উন্নয়ণ কাৰ্যালয়ৰ একাংশ অসাধু বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাৰ সদস্য সকলে ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ইতিমধ্যে আৰক্ষী মোতায়েন প্ৰশাসনৰ ৷

AASU protest Against Corruption At Jonai
জোনাইত মুৰ্কংচেলেক খণ্ড উন্নয়ণ কাৰ্যালয়ৰ সন্মুখত আছুৰ উত্তাল প্ৰতিবাদ

জোনাই, ২৮ জুলাইঃ জোনাই মহকুমা মুৰ্কংচেলেক খণ্ড উন্নয়ণ কাৰ্যালয়ত চলি থকা বৃহৎ কেলেংকাৰীৰ তদন্তৰ দাবীত মঙলবাৰে জোনাই মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে মুৰ্কংচেলেক খণ্ড উন্নয়ণ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

উল্লেখ্য যে,জোনাই মহকুমাৰ অন্তৰ্গত মুৰ্কংচেলেক খণ্ড উন্নয়ণৰ প্ৰতিখন পঞ্চায়ততে MGNREGA ভুৱা জব কাৰ্ডৰ জৰিয়তে বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ তোলে ৰাইজে ৷ তাৰোপৰি খণ্ড উন্নয়ন বিষয়া গৰাকীৰ সৈতে বিভিন্ন বিষয়া-কৰ্মচাৰীয়ে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামতো ব্যাপক কমিচন ৰাজ চলি থকা বুলি গুৰুতৰ অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে ৷ উক্ত দুৰ্নীতিৰ বিৰুদ্ধে জোনাই মহকুমা ছাত্ৰ সন্থাৰ সদস্য সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়,সৰ্বানন্দ সোণোৱাল হুছিয়াৰ আদি বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

প্ৰতিবাদকাৰী সকলে মুৰ্কংচেলেক উন্নয়ণ খণ্ডত চলি থকা কেলেংকাৰীৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত প্ৰতিবাদকাৰী সকলে কাৰ্যবাহী দণ্ডাধীশ প্ৰীতম কুমাৰ দাসৰ হাতত অৰ্পণ কৰে এখন স্মাৰক পত্ৰ ৷ এই স্মাৰক পত্ৰ খন মহকুমাধিপতিৰ জড়িয়তে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী,অসম চৰকাৰ আৰু উপায়ুক্তলৈ প্ৰেৰণ কৰা হ'ব বুলি দণ্ডাধীশ গৰাকীয়ে জানিবলৈ দিয়ে ৷

জোনাই মহকুমাৰ সাধাৰণ সম্পাদক নয়নজ্যোতি বৰাই মুৰ্কংচেলেক উন্নয়ন খণ্ডত সংঘটিত হৈ থকা এই ব্যাপক দুৰ্নীতি বিৰুদ্ধে অতি শীঘ্ৰে উচিত তদন্তৰ দাবী জনাইছে চৰকাৰ প্ৰশাসনক ৷ এই বিক্ষোভ কাৰ্যসূচীত শতাধিক ছাত্ৰ সন্থাৰ সদস্যই অংশ গ্ৰহণ কৰে ৷

লগতে পঢ়ক- অখিল গগৈৰ মুক্তিৰ দাবীত গোলাঘাটত উত্তাল প্ৰতিবাদ

Last Updated : Jul 28, 2020, 6:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.