ETV Bharat / state

AASU protest in Dhemaji: ধেমাজিত আছুৱে দাহ কৰিলে শিক্ষামন্ত্ৰীৰ পুত্তলিকা - HSLC paper leak

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত আগতীয়াকৈ ফাদিল হোৱাৰ লগতে পৰীক্ষা বাতিল কৰিব লগা হোৱাৰ পিচতে ছেবা আৰু শিক্ষামন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বিভিন্ন ছাত্ৰ সংগঠনে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী । ইয়াৰে অংশৰূপে ধেমাজিত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰিলে আছুৱে (AASU burnt education ministers Effigy) ।

AASU burnt education ministers Effigy
ধেমাজিত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ
author img

By

Published : Mar 14, 2023, 5:43 PM IST

ধেমাজিত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ধেমাজি, ১৪ মাৰ্চ: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত (HSLC paper leak) ৷ মঙলবাৰে ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ধেমাজিত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (AASU Protest at Dhemaji) ৷

আছুৰ ধেমাজি সমিতিয়ে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে ছেবাৰ অধ্যক্ষৰ জুমুঠি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাজ্য়ৰ শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (মেট্ৰিক) দৰে এটা গুৰুত্বপূৰ্ণ পৰীক্ষাও সুকলমে অনুষ্ঠিত কৰাত ব্য়ৰ্থ হোৱা বুলি সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে (Protest against education Minister Ranoj Pegu) ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হোৱাক কেন্দ্ৰ কৰি আজিও ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে মঙলবাৰে পুনৰ শিক্ষামন্ত্ৰীৰ সমষ্টি উত্তাল কৰিলে ধেমাজি আছুৱে ৷ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু,পৰীক্ষা নিয়ন্ত্ৰণক নয়নজ্যোতি শৰ্মা আৰু ছেৱাৰ অধ্যক্ষ ৰমেশ জৈনৰ পুত্তলিকা ফাঁচিকাঠত ওলোমাই নগৰৰ মাজেৰ সমদল উলিয়াই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

এই প্ৰতিবাদৰ জৰিয়তে শিক্ষা মন্ত্ৰীৰ পদত্য়াগৰ দাবী জনায় । প্ৰতিবাদকাৰীসকলে পৰীক্ষা নিয়ন্ত্ৰণক নয়নজ্যোতি শৰ্মাক গ্ৰেপ্তাৰ কৰা আৰু ছেবাৰ অধ্যক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় (Demand for arrest of SEBA examination controller) ৷ প্ৰতিবাদত অংশগ্ৰহণ কৰি সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সম্পাদক জয়ন্ত বৰগোহাঁইয়ে কয় যে, ব্যৰ্থ চৰকাৰৰ ব্যৰ্থ মন্ত্ৰী, ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা পৰীক্ষা নিয়ন্ত্ৰকগৰাকীক গ্ৰেপ্তাৰ কৰিলেই সকলো স্পষ্ট হৈ পৰিব ৷ এতিয়ালৈকে পৰীক্ষা নিয়ন্ত্ৰকগৰাকীক গ্ৰেপ্তাৰ নকৰা আৰু ছেবাৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে কিয় কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি তেওঁ প্ৰশ্ন কৰে ৷ একেদৰে শিক্ষামন্ত্ৰী গৰাকীকো তীব্ৰ সমালোচনা কৰি পদত্যাগ কৰিবলৈ দাবী জনাই ছাত্ৰ নেতাজনে ৷

উল্লেখ্য় যে, প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবেই সোমবাৰে বাতিল হৈছে ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা ৷ ইয়াৰ পিচতে প্ৰতিবাদমুখৰ হৈ পৰে সমগ্ৰ দল-সংগঠন আদি ৷ ৰাজ্যৰ সকলো পৰীক্ষা কেন্দ্ৰত সোমবাৰে বাতিল হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা । ইয়াকে লৈ উদ্বিগ্ন হৈ পৰিছে পৰীক্ষাৰ্থীৰ লগতে অভিভাৱকসকল (HSLC general science question paper leak)।

লগতে পঢ়ক:HSLC question paper leak: সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাক লৈ বিহপুৰীয়াত তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.