ETV Bharat / state

AAKRSU Foundation Day: ধেমাজিত আক্ৰাছুৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন - আক্ৰাছু

আক্ৰাছুৰ আজি ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস। চাৰিটা গোটত বিভক্ত আক্ৰাছুৱে শনিবাৰে একত্ৰিত হৈ ধেমাজিৰ চিমেন চাপৰিৰ শিল্পী সংঘৰ বাকৰিত পালন কৰে ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস । প্ৰতিষ্ঠা দিৱসৰ পৰাই জনজাতি কৰণ, পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ বাবে আক্ৰাছুৰ চাৰিটা গোটৰ নেতৃত্বই আহ্বান জনাই চৰকাৰলৈ ।

AAKRSU Foundation Day
ধেমাজিত আক্ৰাছুৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
author img

By

Published : Jul 29, 2023, 5:46 PM IST

ধেমাজিত আক্ৰাছুৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

ধেমাজি, 29 জুলাই: কোচ ৰাজবংশী সকলৰ জাতীয় সংগঠন সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ আজি ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস। চাৰিটা গোটত বিভক্ত আক্ৰাছুৱে শনিবাৰে একত্ৰিত হৈ ধেমাজিৰ চিমেন চাপৰিৰ শিল্পী সংঘৰ বাকৰিত পালন কৰে ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস । প্ৰতিষ্ঠা দিৱসৰ পৰাই জনজাতিকৰণ, পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ বাবে আক্ৰাছুৰ চাৰিটা গোটৰ নেতৃত্বই আহ্বান জনাই চৰকাৰলৈ ।

‘জনজাতিকৰণ, কমতাপুৰ ৰাজ্য গঠনৰ নামত কি কংগ্ৰেছ, কি বিজেপি সকলোৱেই কোচ ৰাজবংশীসকলক প্ৰৱঞ্চনা কৰি আহিছে ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে জনগোষ্ঠীটোৰ সমস্যা সমাধান নকৰিলে পশ্চিমবংগ আৰু অসমত থকা কোচ ৰাজবংশীসকল একত্ৰিত হৈ বিজেপি হটাও কোচ ৰাজবংশী বচাও শ্ল’গানেৰে প্ৰচাৰ চলোৱা হ'ব ৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আমাৰ সমস্যা সমাধান নকৰিলে অসমত ৰাজবংশীসকলৰ নায্যপ্ৰাপ্তিৰ বাবে সুকিয়াকৈ ৰাজনৈতিক দল গঠনৰো চিন্তা-চৰ্চা কৰা হ'ব ৷ চৰকাৰৰ ভূমিকৰাৰ বিৰুদ্ধে প্ৰতিবাদ নকৰি হাত হাবটি বহি থকাতকৈ মৰি যোৱাই ভাল হ’ব ৷ কাৰন কোচ সকল যোদ্ধা ৷’ এই হুংকাৰ আক্ৰাছুৰ সাধাৰণ সম্পাদক হেমকান্ত কোচ বৰাৰ ৷

অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈ থকা কোচ ৰাজবংশী জনগোষ্ঠীৰ নেতা উপস্থিত থাকে প্ৰতিষ্ঠা দিৱসত ৷ উল্লেখযোগ্য যে ১৯৯০ চনত কোচ ৰাজবংশী সকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে আক্ৰাছু গঠন কৰা হৈছিল ৷ জন্মলগ্নৰ পাচত বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে সংগঠনটোৰ চাৰিটা ভাগত বিভাজন হৈছিল ৷ কিন্তু শেহতীয়াকৈ চাৰিটা গোটৰ মাজত একত্ৰিত হৈ যৌথ ভাবে পালন কৰে প্ৰতিষ্ঠা দিৱস । ইফালে কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য-গীত পৰিৱেশনেৰে এক উখল মাখল হৈ পৰে চিমেন চাপৰি শিল্পী সংঘৰ বাকৰি ৷

লগতে পঢ়ক:Flood affected people in Dhemaji: জীয়াঢলৰ বাঢ়নী পানীয়ে দুৰ্বিষহ কৰি তুলিছে ধেমাজিবাসীৰ জীৱন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.