ETV Bharat / state

জোনাইত ড৹ দীপক কুমাৰ দলেৰ আঠখনকৈ গ্রন্থ উন্মােচন - 8 book relese

অতীতক পাহৰিব নােৱাৰা আৰু বর্তমানৰ নিজৰ কলা- কৃষ্টিৰ পৰা আঁতৰি থাকিব নিবিচাৰে বাবেই কবিতা, গল্প, উপন্যাস আৰু গৱেষণাধর্মী নিবন্ধ লিখা ড৹ দীপক কুমাৰ দলেৰ শেহতীয়া ৮ খনকৈ গ্রন্থ তানি কে. প্রকাশনৰ সৌজন্যত আৰু জোনাই প্ৰেছ ক্লাবৰ সহযােগত লেখকৰ নিজা চহৰ জোনাইত শনিবাৰে উন্মােচন কৰা হয় ।

জোনাইত ড৹ দীপক কুমাৰ দলেৰ আঠখনকৈ গ্রন্থ উন্মােচন

author img

By

Published : Dec 26, 2020, 10:53 PM IST

জোনাই, ২৬ডিচেম্বৰঃ অতীতক পাহৰিব নােৱাৰা আৰু বর্তমানৰ নিজৰ কলা-কৃষ্টিৰ পৰা আঁতৰি থাকিব নিবিচাৰে বাবেই কবিতা, গল্প, উপন্যাস আৰু গৱেষণাধর্মী নিবন্ধ লিখা ড৹ দীপক কুমাৰ দলেৰ শেহতীয়া ৮ খনকৈ গ্রন্থ তানি কে. প্রকাশনৰ সৌজন্যত আৰু জোনাই প্ৰেছ ক্লাবৰ সহযােগত লেখকৰ নিজা চহৰ জোনাইত শনিবাৰে উন্মােচন কৰা হয় । সাহিত্য অকাডেমিৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ সন্মানীয় সদস্যা তথা জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপিকা ড৹ জ্যোতিৰেখা হাজৰিকাই সঞ্চালনা কৰা অনুষ্টুপীয়া অনুষ্ঠানটোত (প্রতাপ চন্দ্র পাৱে) মিচিং গমলাম গমচৗং, (ডাঃ পৰী দেউৰী) মিচিং ভাষা শ্রেণীভিত্তিক শব্দকোষসহ, (ইন্দ্রশ্বৰ পেণ্ড) এখন গাঁও আছিল (তাৰানাথ পেগু) বললাঙ্ উপন্যাস, (কমলা শর্মা) পুনৰ ঘূৰাই পােৱা হলে ল'ৰালিৰ পাৰ হােৱা সেই দিনবোৰৰ কবিতা, (ড৹ হৰকান্ত পেণ্ড) মিচিং ভাষা আৰু সংস্কৃতি, (ড৹ ৰাজেশ্বৰ পেণ্ড) মিতপানলাঃমাঃনাম মিচিং তানিঃ আৰু (ডাঃ মৃত্যুঞ্জয় পাৱই) অম্ মউ গ্রন্থকেইখন উন্মােচন কৰে।

জোনাইত ড৹ দীপক কুমাৰ দলেৰ আঠখনকৈ গ্রন্থ উন্মােচন

উল্লেখযোগ্য যে, তানি কে প্রকাশনৰ পৰিচালিকা জয়া মেদক দলেয়ে আঁত ধৰা অনুষ্ঠানত উন্মােচক সকলৰ সুৰতে সুৰ মিলাই দীপক কুমাৰ দলেৰ কলেজীয়া ছাত্র কালৰ শিক্ষাগুৰু ড৹ জ্যোতিৰেখা হাজৰিকাই গ্রন্থকেইখনৰ প্রমূল্য আৰু গুৰুত্বৰ বিষয়ে সদৰি বক্তব্য দাঙি ধৰে। কবি জয় কুমাৰ দলেয়ে স্বৰচিত কবিতা পাঠ কৰি সভাকক্ষ শিল্পী ৰিয়ান ৰাজে গীত পৰিৱেশন কৰি আমোদ দিয়ে । অসমীয়া আৰু মিচিং ভাষাৰ জৰিয়তে লিখা-মেলা কৰা ভাষা আৰু সাহিত্যৰ গৱেষক ড০ দীপক কুমাৰ দলেয়ে জোনাইৰ ৰতনপুৰৰ দৰে অত্যন্ত পিছপৰা অঞ্চলত জন্ম গ্রহণ কৰিও ৮ বাৰকৈ সাহিত্য অকাডেমিৰ অনুষ্ঠান, ৩ বাৰকৈ কেন্দ্রীয় ভাৰতীয় ভাষা সংস্থাৰ কর্মশালাত অংশ গ্রহণ কৰি জোনাইলৈ গৌৰৱ কট়িয়াই আনিছে। ইতিমধ্যে আচিন মুক্ কাঙ, তৰুণ চন্দ্র পামেগাম, উমৰকৗ মৗঃতম, চৗঃম্ ম্পৗই ইকাঃন তুৰ নাম চৌ, আচিনাং অনাম গ্রন্থ প্রকাশ কৰা ড০ দলেয়ে ২০১০-১১ বর্ষত মিচিং আগম কৗবাঙৰ সচিব হিচাপেও সেৱা আগবঢ়াইছিল।

লগতে পঢ়কঃ হোজাইত পিষ্টল সহ আটক দুই কুখ্যাত অপৰাধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.