ETV Bharat / state

ধেমাজিৰ বিস্ফোৰণৰ সোতৰ বছৰ...

author img

By

Published : Aug 16, 2021, 8:21 PM IST

স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ ল’বলৈ গৈ ২০০৪ চনৰ ১৫ আগষ্টত বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল শিশু-মহিলা সহ মুঠ ১৩ গৰাকীয়ে ৷ এই পাৰিপ্ৰেক্ষিতত সোমবাৰে ধেমাজিত জিলা প্ৰশাসনে পালন কৰিলে শোক দিৱস ৷

17-years-of-blackday-in-dhemaji
ধেমাজিৰ বিস্ফোৰণৰ সোতৰটা বসন্তৰ পিছত

ধেমাজি, 16 আগষ্ট : ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিৰ পেৰেড গ্ৰাউণ্ডত উগ্ৰপন্থীৰ বোমা বিস্ফোৰণত নিহত হৈছিল ১০ গৰাকীকৈ শিশু ৷ অকল শিশুৱেই নহয় ৩ গৰাকীকৈ মহিলাও নিহত হৈছিল এই ঘটনাত ৷ ক্ৰমে সিদ্ধাৰ্থ টাইড, প্ৰদীপ্ত গগৈ, মনজিত গগৈ, গিৰিণ শইকীয়া, ধনদা গগৈ দেউৰী, মানসী বৰগোহাঁই, দিনেশ পাদুন, অৰুনা শইকীয়া, ৰূপা শইকীয়া, বিজিত সোণোৱাল, নমিতা গগৈ, চিত্ৰাৱতী দলে, যোগান্ত পাদুন আদিয়ে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ ল’বলৈ গৈ এই বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল ৷

17-years-of-blackday-in-dhemaji

স্বাধীনতা দিৱসৰ দিনটোৰ কাৰ্যসূচীতে সংঘটিত এই বিস্ফোৰণে সমগ্ৰ দেশ কঁপাই তুলিছিল ৷ এই বিস্ফোৰণে আন্তঃৰাষ্ট্ৰীয় মহলতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷ এই ঘটনাৰ পৰিপ্ৰেক্ষিততে পৰৱৰ্তী সময়ত ১৬ আগষ্টৰ দিনটো সমগ্ৰ ৰাজ্যত শোক দিৱসৰূপে পালন কৰি অহা হৈছে ৷ সোমবাৰে, ধেমাজি জিলা প্ৰশাসনে শোক দিৱসৰ দিনটো পালন কৰে ৷

বোমা বিস্ফোৰণত নিহত ১৩ গৰাকী লোকৰ প্ৰতিচ্ছবি আৰু তেওঁলোকৰ স্মৃতিত বোমা বিস্ফোৰণস্থলীত নিৰ্মাণ কৰা স্মৃতি সৌধত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয় ৷ নিহতসকলৰ পৰিয়াল তথা আত্মীয়সকলেও এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ ইয়াৰ পিছতে স্মৃতিসৌধৰ কাষৰতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰো আয়োজন কৰা হয় ৷

ইপিনে, উগ্ৰপন্থী কূটাঘাটৰ প্ৰতিবাদ স্বৰূপে শোক দিৱসৰ দিনটোত সকলোৱে ক’লা বেজ পৰিধান কৰি অংশ গ্ৰহণ কৰাৰ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শপতবাক্য পাঠ কৰে ৷ অনুষ্ঠানত উপস্থিত থাকে ধেমাজি জিলা উপাযুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীকে ধৰি বহু কেইকেগৰাকী প্ৰশাসনিক বিষয়া ৷ ইফালে, শোক দিৱসৰ থলীত উপস্থিত থাকি বোমা বিস্ফোৰণ নিহত মনজিত গগৈৰ পিতৃ ডম্বৰু গগৈয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সকলোৱে থিয় হোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে মাত মাতি যাবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : পশ্চিমবংগৰ লগতে 15 ৰাজ্যত তৃণমূলৰ ‘খেলা হবে দিৱস’ পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.