জোনাই, ১৪ এপ্ৰিল : বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আজি ভাৰতৰ সংবিধান প্ৰণেতা ড৹ ভীমৰাও আম্বেদকাৰৰ ১৩২ সংখ্যক জয়ন্তী উৎযাপন কৰা হয় (birth anniversary of Dr Bhimrao Ambedkar) । চিমেন চাপৰিৰ হচং বড়ো প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰা অনুষ্ঠানত পুৱা ৭-৩০ বজাত গছপুলি ৰোপণ কৰে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ সৃজৌন বসুমতাৰীয়ে । পুৱা ৮-৩০ বজাত ড৹ ভীমৰাও আম্বেদকাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয় ৷ উক্ত অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে (Bhimrao Ambedkar) ৷
মিহিনিশ্বৰ বসুমতাৰীয়ে কয়, ভাৰত ৰত্ন ড৹ ভীমৰাও আম্বেদকাৰ এজন আইনজ্ঞ, দাৰ্শনিক, বুৰঞ্জীবিদ, অৰ্থনীতিবিদ, শিক্ষক তথা লেখক আছিল যিয়ে ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ হিচাপে কাম কৰিছিল ৷ সংবিধানত যাতে গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষতা, সামাজিক ন্যায়ৰ আদৰ্শ প্ৰতিফলিত হয় তাৰবাবে অক্লান্তভাৱে কাম কৰিছিল তেওঁ ৷ এই সকলো কথা উনুকিয়াই তেওঁ লগতে উল্লেখ কৰে যে, মৌলিক অধিকাৰৰ নিশ্চয়তা প্ৰদান কৰা, অস্পৃশ্যতা বিলুপ্ত কৰা, দলিত আৰু অন্যান্য প্ৰান্তীয় সম্প্ৰদায়ৰ বাবে শিক্ষা আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা কৰা বিধানসমূহ সংবিধানত অন্তৰ্ভুক্ত কৰাত অহোপুৰুষাৰ্থ কৰিছিল বিশিষ্ট দাৰ্শনিক তথা আইনজ্ঞ গৰাকীয়ে (all about Bhimrao Ambedkar) ৷
বসুমতাৰীয়ে পুনৰ কয়, ড৹ ভীমৰাও আম্বেদকাৰে শিক্ষা ব্যৱস্থাটোকেই সামাজিক আৰু অৰ্থনৈতিক সবলীকৰণৰ চাবিকাঠি বুলি বিশ্বাস কৰিছিল আৰু পিছপৰা শ্ৰেণী সম্প্ৰদায়ৰ শিক্ষাৰ সুবিধা উন্নত কৰাতো গুৰুত্ব আৰোপ কৰিছিল ৷
অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ অনিল বসুমতাৰী, সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, বড়ো সাহিত্য সভাৰ সম্পাদিকা সৌৰ্জিলা ওৱাৰী, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী, সাধাৰণ সদস্য ৰাতিৰাম বসুমতাৰী, বিটিএডিৰ বাহিৰৰ প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সাধাৰণ সম্পাদক বিষ্টিৰাম নাৰ্জাৰী, বিটিএডিৰ বাহিৰৰ আত্মসমৰ্পণকাৰী এনডিএফবি কল্যাণ পৰিষদৰ সভাপতি ধৰ্মেশ্বৰ বসুমতাৰী ৷
লগতে জহৌলাও নীলেশ্বৰ ব্ৰহ্ম আৰু সানজাৰাং লক্ষেশ্বৰ ব্ৰহ্ম বঁটা প্ৰাপক বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম, ধেমাজি জিলা পৰিষদৰ সদস্যা সোভাৰাণী বসুমতাৰী, জোনাই সংহত জনজাতি উন্নয়ন প্ৰকল্পৰ সভাপতি ফৈলাও মুছাহাৰী, এবছু, ইউবিপিঅ, আবৌফ, বড়ো সাহিত্য সভা, বড়ো হাৰিমু আফাড, ব্ৰহ্ম ধৰ্ম সমিতি, বাথৌ মহাসভাৰ ধেমাজি জিলা আৰু চিমেন আঞ্চলিক সমিতিৰ বহু সংখ্যক বিষয়ববীয়া উপস্থিত থাকে ।
লগতে পঢ়ক : Delhi liquor scam : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চিবিআইৰ চমন