ETV Bharat / state

Life struggle of an old man: শতায়ু গৰকা বৃদ্ধৰ জীৱন সংগ্ৰাম - Old man life struggle

শতায়ু গৰকা বৃদ্ধই জীৱন সংগ্ৰামত ব্ৰতী হৈছে (Life struggle of an Old man)। দৃষ্টিশক্তি কম যদিও অকলশৰে এটা ভগা ছিগা পঁজাত দিন কটাইছে বৃদ্ধগৰাকীয়ে । চৰকাৰী সহায়ৰ অপেক্ষাত বৃদ্ধগৰাকী ।

Jonai
শতায়ু গৰকা বৃদ্ধৰ জীৱন সংগ্ৰাম
author img

By

Published : Nov 2, 2022, 7:00 PM IST

জোনাই,২ নৱেম্বৰ : প্ৰতিগৰাকী মানুহৰে জীৱনত সংগ্ৰাম থাকে । জীৱন সংগ্ৰামৰ যুঁজত সকলোৱে অৱতীৰ্ণ হ'বলগীয়া হয় । কিন্তু বিভিন্ন সময়ত একাংশ লোকৰ পৰিশ্ৰম আৰু জীৱন সংগ্ৰামে বিভিন্নজনক আকৰ্ষণ কৰিবলৈ সক্ষম হয় । এইবাৰ ধেমাজি জিলাৰ জোনাইৰ এগৰাকী বৃদ্ধৰ জীৱন সংগ্ৰামৰ জীয়া ছবিয়ে সকলোকে ভাবুক কৰি তুলিছে (Life struggle of an Old man in Jonai)। অকলশৰীয়া বৃদ্ধগৰাকীৰ জীৱন সংগ্ৰামৰ কথা শুনিলে আপুনিও আবেগিক হৈ পৰিব ।

শতায়ু গৰকা বৃদ্ধৰ জীৱন সংগ্ৰাম

শতায়ু গৰকা বৃদ্ধগৰাকীৰ জীৱনৰ অন্তিম ক্ষণৰ এখন বাস্তৱ ছবি ইটিভি ভাৰতৰ কেমেৰাত বন্দী হৈছে ৷ জানিব পৰা মতে শদিয়া মহকুমাৰ অন্তৰ্গত বুঢ়াবঢ়ী পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ পাঞাং উপাধিৰ শতবৰ্ষ গৰকা বৃদ্ধগৰাকীয়ে কেইবাবছৰ ধৰি অকলশৰে এটা ভগা পঁজাত বাস কৰি আছে (Old man life struggle)। জীৱনৰ অন্তিম সময়চোৱাত অকলে থকা পঁজাটোৰ অৱস্থা দেখিবলৈ আপোনাৰো বুকু কঁপি উঠিব ।

ৰ'দ, বতাহ, বৰষুণত তেওঁক সুৰক্ষা দিবলৈ পঁজাটোত নাই এখন বেৰ । টঙি সদৃশ পঁজাটোত বছৰ বছৰ ধৰি এক দুখময় জীৱন কটাইছে শতায়ু গৰকা বৃদ্ধগৰাকীয়ে ৷ উত্তৰসূৰী বুলিবলৈ কোনো নাই বৃদ্ধগৰাকীৰ । বৃদ্ধগৰাকীৰ পত্নী বহু বছৰ পূৰ্বে তেওঁক এনেদৰে অকলে এৰি থৈ এই সংসাৰৰ পৰা বিদায় লৈছে ।

কেৱল এয়াই নহয় । বিভিন্ন সমস্যাৰ মাজেৰে দিন-ৰাতি কটাইছে বৃদ্ধগৰাকীয়ে । জানিব পৰা মতে চকুৰে ভালদৰে নেদেখে বৃদ্ধগৰাকীয়ে । যাৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বৃদ্ধগৰাকী ।

ওচৰতে থকা এটা পৰিয়ালে পুৱা-গধূলি আহাৰ প্ৰস্তুত কৰি দিয়ে বৃদ্ধগৰাকীক । অৱশ্যে সেই পৰিয়ালটোৱে কেৱল নহয়, মানৱীয়তাৰ পৰিচয় দাঙি ধৰি গাঁৱৰ ৰাইজেও মাজে সময়ে বৃদ্ধগৰাকীক সহায় সহযোগ কৰি আহিছে ৷ কিন্তু এনে সময়তো চৰকাৰ তথা জনপ্ৰতিনিধিৰ চকু নপৰিল এই বৃদ্ধগৰাকীৰ ওপৰত (Old man deprived of govt aid)।

চৰকাৰ তথা জনপ্ৰতিনিধিৰ সহায়ৰ অপেক্ষাত জীৱনৰ অন্তিম ক্ষণত উপনিত হোৱা বৃদ্ধগৰাকীয়ে আজিলৈ নাপালে চৰকাৰী সা-সুবিধা । যাৰ বাবে স্থানীয় লোকসকলেও চৰকাৰক আহ্বান জনাইছে, যাতে বৃদ্ধগৰাকীক চৰকাৰে কিছু হ'লেও সহায়ৰ হাত আগবঢ়ায় ।

লগতে পঢ়ক :Dichang resort incident : দিচাং ৰিজৰ্টত যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ উত্তাল ওদালগুৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.