ETV Bharat / state

ধেমাজিত আৰক্ষীৰ হাতৰ পৰাই চোৰে লুটি নিলে নগদ 10লাখ টকা

author img

By

Published : Nov 5, 2020, 8:37 PM IST

ধেমাজিত ভূপেন চেতিয়া নামৰ আৰক্ষী কনিষ্টবলজনৰ পৰা চোৰে কাঢ়ি নিলে 10লাখ নগদ ধন ৷ আৰক্ষী কনিষ্টবলে ষ্টেত বেংকৰ পৰা ধন উলিয়াই অনাৰ পাচতেই সংঘটিত হয় ঘটনাটো ৷

10 lakh in cash if stolen from Dhemaji police
ধেমাজিত আৰক্ষীৰ হাতৰ পৰাই চোৰে লুটি নিলে নগদ 10লাখ টকা

ধেমাজি,5নৱেম্বৰ: ধেমাজিত আৰক্ষীৰ হাতৰ পৰা দিন দুপৰতে চিলনী চোৰে কাঢ়ি নিলে নগদ ১০ লাখ টকা ৷ ভূপেন চেতিয়া নামৰ আৰক্ষী কনিষ্টবলজনে ধনখিনি বাইকত লৈ যোৱাৰ সময়তে চোৰে কাঢ়ি লৈ যায় ধনখিনি ৷

প্ৰাপ্ত তথ্য অনুসৰি, ষ্টেত বেংকৰ পৰা ১০ লাখ টকাৰ লোন লৈ সেই টকাখিনি ভূপেন চেতিয়া নামৰ আৰক্ষী কনিষ্টবলজনে আনিছিল বুলি জানিব পৰা গৈছে ৷ আৰক্ষী কনিষ্টবলজনে জনোৱা অনুসৰি, UBI বেংকৰ সন্মুখত ৰৈ থাকোতেই দুজন লোকে বাইকত আহি টকা ভৰ্তি বেগটো লৈ উধাও হয় ৷

ইতিমধ্যে এই ঘটনাই নগৰখনত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰাৰ লগতে আৰক্ষী লোকৰ পৰাই চোৰে টকা লুটি নিয়াৰ ঘটনাক লৈও হৈছে অধিক চৰ্চা ৷

অন্য এক খবৰৰ বাবে: অৰুণাচল প্ৰদেশৰ চিয়ম নদীৰ বুকুত আৱদ্ধ হৈ পৰা মহিলাক উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.