মঙলদৈ, 5 নৱেম্বৰ: মঙলদৈ চহৰৰ নিকটৱৰ্তী বৰমপুৰ অঞ্চলৰ মহিলা সকলক স্বাৱলম্বী হোৱাত সহায় কৰিছে এটা ব্যক্তিগত খণ্ডৰ সংস্থাই ৷ কাম কৰাৰ নতুন উদ্যম আনি দিছে সংস্থাটোৱে ৷ মহিলাসকলক আত্মনিৰ্ভশীল হ'বলৈ উদ্গনি যোগাই ঘৰতেই যোগান ধৰিছে মুৰ্গীৰ পোৱালী ৷ সংস্থাটোৰ নাম "চেষ্টা","seven sister development assistance" নামৰ এক বিশেষ আঁচনিৰ জৰিয়তে মহিলা সকলক স্বাৱলম্বিতাৰ পথ দেখুৱাইছে সংস্থাটোৱে ৷ "চেষ্টা"ৰ এই প্ৰয়াসক সলাগ লৈছে সকলোৱে ৷ বুধবাৰে সংস্থাটোৱে মহিলা সকলৰ মাজত মুৰ্গীৰ পোৱালী বিতৰনৰ বাবে এখন সভা অনুষ্ঠিত কৰে ৷ সভাত মঙলদৈ সমষ্টিৰ বিধায়ক গুৰু জ্যোতি দাস উপস্থিত থাকি সংস্থাটোৰ এনে পদক্ষেপক আদৰণি জনায় ৷ "চেষ্টা"ৰ এই প্ৰয়াসে সমগ্ৰ অসমতে মহিলা সৱলীকৰণৰ বাবে আদৰ্শ হৈ ৰ'ব বুলিও মন্তব্য কৰে ৷
লগতে পঢ়ক: নৱম মৃত্যুবাৰ্ষিকীত ৰাজ্যজুৰি স্মৰণ সুধাকন্ঠ ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাক