ETV Bharat / state

বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ দৰঙৰ বটাহবাৰী ৰাইজৰ - পানীযোগান আঁচনি

পানীযোগান আঁচনি সক্ৰিয় কৰিবলৈ বিধায়ক বিনন্দ কুমাৰ শইকীয়া , বিভাগীয় মন্ত্ৰী ৰিহন দৈমাৰী মুন্দা বাদ ধ্বনিৰে প্ৰতিবাদ মহিলাৰ ৷

বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ দৰঙৰ বটাহবাৰী ৰাইজৰ
author img

By

Published : Jun 27, 2019, 8:24 AM IST

দৰং, 26 জুনঃ স্বাধীনতাৰ ৭২ বছৰ পিছতো এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে এইখন অসম মুলুকত ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মঙলদৈ সংমণ্ডলৰ অধিনস্থ ছিপাঝাৰ সমষ্টিৰ বটাহবাৰী পানীযোগান আঁচনিৰ টেংকিৰ ভিতৰ ভাগ বৰ্তমান ঘাঁহ বনেৰে আগুৰি পৰিছে ৷ ব্যতিক্ৰম নহয় চৌহদ ভাগ ৷ বছৰ বছৰ ধৰি বিকল হৈ পৰি আছে পানী যোগান আঁচনি ৷ ২০০৩ চনতে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী দীনেশ প্ৰসাদ গোৱালাই শুভাৰম্ভ কৰা এই পানী যোগান আঁচনিখনৰ পৰা বৃহত্তৰ ৰাইজে দুই তিনিবছৰ পানী পালে ঠিকেই ৷ তাৰ পিছত ভূত বাংলাত পৰিনত হল আঁচনিখন ৷

এতিয়া গাহৰিৰ গড়াৰলত পৰিনত বিশুদ্ধ খোৱাপানী যোগান আঁচনি ৷ লাখ টকা খৰছ কৰি কেৱল আঁচনিখন ৰূপায়ন কৰিবলৈ স্থাপন কৰা বিদ্যুতিক ট্ৰেন্সফাৰ এতিয়া লতাৰে আৱৰি আছে এচুকত ৷ ঘোৰ নিদ্ৰাত মঙলদৈ জনস্বাস্থ্য কাৰিকৰী বিভাগ । বাৰে বাৰে বিভাগীয় বিষয়া তথা ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াক জনায় অহাৰ পিছতো গা- নলৰে বিষয়া জনপ্ৰতিনিধিৰ ৷

বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ দৰঙৰ বটাহবাৰী ৰাইজৰ

পানী যোগান আঁচনিটো এইদৰে বিকল হৈ পৰি থকাৰ বাবে এতিয়া বটাহবাৰীৰ বৃহত্তৰ অঞ্চলৰ লোকসকল বঞ্চিত হৈছে বিশুদ্ধ খোৱাপানী পোৱাৰ পৰা ৷ এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বটাহবাৰীবাসী ৰাইজে ৷ সেয়ে আঁচনিখন শীঘ্ৰে মেৰামতি কৰাৰ দাবীত গাঁৱৰ মহিলাসকল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিল ৷ পৰিবৰ্তনকামী চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰী আৰু ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে মহিলা সকলে ৷

Intro:## বিকল জনস্বাস্থ কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱাপানী আঁচনি ৷

# এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ বটাহবাৰীৰ ৰাইজৰ ৷

# কদৰ্য পৰিৱেশ বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ চৌপাশ ৷

# গাহৰিৰ গড়ালত পৰিনত এতিয়া আঁচনিখনৰ চৌহদ ৷

# পানীযোগান আঁচনি সক্ৰিয় কৰিবলৈ বিধায়ক বিনন্দ কুমাৰ শইকীয়া , বিভাগীয় মন্ত্ৰী ৰিহন দৈমাৰী মুন্দা বাদ ধ্বনিৰে প্ৰতিবাদ মহিলাৰ ৷

Body: স্বাধীনতাৰ ৭২ বছৰ পিছতো এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে এইখন অসম মুলুকত ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মংগলদৈ সংমণ্ডলৰ অধিনস্থ এইটো হৈছে ছিপাঝাৰ সমষ্টিৰ বটাহবাৰী পানীযোগান আঁচনি ৷ ঘাঁহ বনৰে আগুৰি আছে আঁচনিখনৰ টেংকিৰ ভিতৰ ভাগ ৷ ব্যতিক্ৰম নহয় চৌহদ ভাগ ৷ এতিয়া বিকল হৈ পৰি আছে বছৰ বছৰ ধৰি এইদৰে ৷ ইখনৰ পিছত সিখন চৰকাৰ আহে ৷ কিন্তু মেৰামতিহে নহয় ৷ ২০০৩ চনতে তদানীন্তন অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী দীনেশ প্ৰসাদ গোৱালাই শুভাৰম্ভ কৰা এই পানী যোগান আঁচনিখনৰ পৰা বৃহত্তৰ ৰাইজে দুই তিনিবছৰ পানী পালে ঠিকেই ৷ তাৰ পিছত ভূত বাংলাত পৰিনত হল আঁচনিখন ৷ এতিয়া গাহৰিৰ গড়াৰলত পৰিনত বিশুদ্ধ খোৱাপানী যোগান আঁচনি ৷ লাখ টকা খৰছ কৰি কেৱল আঁচনিখন ৰুপায়ন কৰিবলৈ স্থাপন কৰা বিদ্যুতিক ট্ৰেন্সফাৰ এতিয়া লতাৰে আৱৰি আছে এচুকত ৷ ঘোৰ নিদ্ৰাত মঙ্গলদৈ জনস্বাস্থ কাৰিকৰী বিভাগ । এদিনলৈকে আঁচনিতোৰ পৰিষ্কাৰ কৰা নহল । গাহৰি গড়ালত পৰিণত আঁচনিৰ চৌপাশ । বিগত ১৪ বছৰ ধৰি কদৰ্য হৈ পৰিছে পানী যোগান আঁচনিতো । হাবি জংঘলেৰে ভৰি পৰিছে সমগ্ৰ পৰিবেশ । মদ জুৱাৰ স্থলীত পৰিণত হৈ পৰিছে ।
বাৰে বাৰে বিভাগীয় বিষয়া তথা ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াক জনায় অহাৰ পিছতো গা- নলৰে বিষয়া জনপ্ৰতিনিধিৰ ৷ পানী যোগান আঁচনিটো এইদৰে বিকল হৈ পৰি থকাৰ বাবে এতিয়া বটাহবাৰীৰ বৃহত্তৰ অঞ্চলৰ লোকসকল বঞ্চিত হৈছে বিশুদ্ধ খোৱাপানী পোৱাৰ পৰা ৷ এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বটাহবাৰীবাসী ৰাইজে ৷ সেয়ে আঁচনিখন শীৰ্ঘ্ৰে মেৰামতি কৰাৰ দাবীত গাঁওৰ মহিলাসকল ওলাই আহিল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৷ পৰিবৰ্তনকামী চৰকাৰৰ ভ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰী আৰু ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে এইদৰে মহিলা সকলে ৷
Conclusion:এই পানী যোগান আচনীৰ পৰা ৰাইজে কেতিয়া পানী পাব সেয়া সময়হে কব
দৰঙৰ পৰা দেবব্ৰত গোস্বামী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.