দলগাঁও,16 ফেব্ৰুৱাৰী: শিক্ষক নিযুক্তি প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি ৰাজ্যৰ অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীয়ে চৰম অসন্তুষ্টি ব্যক্ত কৰা পৰিলক্ষিত হৈছে । চৰকাৰৰ এনে সিদ্ধান্তক বৈষম্যমূলক আখ্যা দি দলগাঁও শিয়ালমাৰী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত মহম্মদ আলী মধ্য ইংৰাজী মাদ্ৰাছাত অনুষ্ঠিত হয় এখন নাগৰিক সভা । এই সভাত চৰকাৰৰ হঠকাৰী সিদ্ধান্তক গৰিহণা দিয়ে সৰ্বস্তৰৰ ৰাইজে ।
তেওঁলোকৰ মতে, চৰকাৰে যিহেতু বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা নাই, সেয়েহে ৰাইজৰ অনুদানেৰে স্থাপন কৰা বিদ্যালয়ৰ কোনো বস্তু তেওঁলোকে হস্তান্তৰ নকৰে । উক্ত নাগৰিক সভাত শৈক্ষিক জাগৰণ মঞ্চৰ সভাপতি ফখৰুদ্দিন আলীয়ে চৰকাৰৰ এই নিযুক্তি প্ৰক্ৰিয়া এক প্ৰকাৰৰ বিদ্যালয়ৰ বিলুপ্তিকৰণ প্ৰক্ৰিয়া বুলি অভিযোগ তুলি শীঘ্ৰে এই সিদ্ধান্ত বাতিলৰ দাবী জনায় । তেওঁ কয় যে, অসমত বৰ্তমান যিমান চৰকাৰী বিদ্যালয় আছে তাৰ ভিতৰত ৯৫% বিদ্যালয় ৰাইজৰ দান-বৰঙণিৰে স্থাপন কৰা ।
তেনেক্ষেত্ৰত একোখনকৈ বিদ্যালয়ৰ দুই-এজন শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ কৰি বাকী শিক্ষক-কৰ্মচাৰীৰ লগতে শিক্ষাৰ্থীসকলৰ ভৱিষ্যতক লৈ চৰকাৰে হেতালি খেলিছে । এনে বিসংগতিপূৰ্ণ নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰিবলৈও ফখৰুদ্দিন আলীয়ে দাবী জনায় । চৰকাৰে শিক্ষকৰ এই সমস্যা সমাধানত গুৰুত্ব আৰোপ নকৰিলে পৰৱৰ্তী পৰ্যায়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰো হুংকাৰ দিয়ে শৈক্ষিক জাগৰণ মঞ্চৰ সভাপতিগৰাকীয়ে ।
আনহাতে, শিক্ষকসকলৰ অভিযোগ মতে, শিক্ষা বিভাগে শিক্ষকসকলক টিউটৰ হিচাপে স্বীকৃতি দিবলৈ যো-জা কৰিছে । অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষকসকলে তেওঁলোকক শিক্ষকৰ মৰ্যাদা দিবলৈ দাবী জনায় আৰু শিক্ষা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শিক্ষকক অপমান কৰিছে বুলিও ক্ষোভ উজাৰে ।