ETV Bharat / state

খাৰুপেটীয়াত ওলাইছে এপাহ ৰং-বিৰঙী ফুল

author img

By

Published : May 20, 2021, 9:17 AM IST

খাৰুপেটীয়াৰ আলিকাষ গাঁৱত এজন লোকৰ ঘৰৰ পিছফালে ফুলিছে এপাহ ৰং-বিৰঙী ফুল ৷ শুকুৰবাৰে বিয়লি ভাগত গৃহস্থই প্ৰত্যক্ষ কৰে এই আশ্চৰ্যকৰ ফুলপাহ ৷

unknown flower at kharupetia
মাটি ফুটি ওলাইছে এটা ৰং-বিৰঙী ফুল

দলগাঁও,20 মে’: খাৰুপেটীয়াৰ আলিকাষ গাঁৱত এজন লোকৰ ঘৰৰ পিছফালে ফুলিছে এপাহ ৰং-বিৰঙী ফুল ৷ শুকুৰবাৰে বিয়লি ভাগত গৃহস্থই প্ৰত্যক্ষ কৰে এই আশ্চৰ্যকৰ ফুলপাহ ৷

জানিব পৰা মতে, গাঁৱখনৰ ছাইৰুদ্দিন আহমেদ নামৰ লোকজনৰ ঘৰৰ পিছফালে তামোলৰ বাৰীত থকা নেমু গছ এজোপাৰ তলত ফুলে এই ফুলপাহ ৷ ফুলপাহৰ উচ্চতা এক-ডেৰ ফুট বুলি জানিব পৰা গৈছে ৷

unknown flower at kharupetia
মাটি ফুটি ওলাইছে এটা ৰং-বিৰঙী ফুল

উল্লেখ্য যে, পুৱাৰ ভাগত ফুলপাহ নাছিল যদিও আবেলি নেমু চিঙিবলৈ গৈ গৃহস্থই প্ৰত্যক্ষ কৰে এই আচৰিত ৰং-বিৰঙী ফুলপাহ । এই খবৰ বিয়পি পৰাৰ লগে লগে ফুল চাবলৈ লানি নিচিগা সোঁত বয় গাঁৱবাসীৰ । ইফালে খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় খাৰুপেটীয়া আৰক্ষী ৷

লগতে পঢ়ক: ধেমাজিৰ নৱনিযুক্ত উপায়ুক্ত ভাস্কৰ ৰেড্ডীৰ কাৰ্যভাৰ গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.