ETV Bharat / state

সৎকাৰ কৰিবলৈ নিয়া মৃতদেহক পদাঘাত উদণ্ড যুৱকৰ !

author img

By

Published : Oct 24, 2021, 10:33 PM IST

মৃতদেহ সৎকাৰক লৈ দুটা পক্ষৰ মাজত বিবাদ ৷ মৃতদেহক পদাঘাত উদণ্ড যুৱকৰ ৷ আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ ৷

cremation
cremationসৎকাৰ কৰিবলৈ নিয়া মৃতদেহক পদাঘাত উদণ্ড যুৱকৰ

দৰং, 24 অক্টোবৰ : মানৱতাক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে দৰং জিলাৰ দিঘীৰপাৰৰ বৰঙাবাৰীত ৷ এগৰাকী লোকৰ মৃতদেহ সৎকাৰক লৈ সৃষ্টি হৈছে উত্তেজনাৰ ৷ শ্মাশানলৈ মৃতদেহ লৈ যোৱাৰ সময়তে একাংশ লোকে বাধা প্ৰদান কৰাৰ লগতে মৃতদেহত পদাঘাত কৰাৰ অভিযোগ তুলিছে আন একাংশ লোকে ৷

সৎকাৰ কৰিবলৈ নিয়া মৃতদেহক পদাঘাত উদণ্ড যুৱকৰ

প্ৰাপ্ত তথ্য অনুসৰি, বৰঙাবাৰী গাঁৱৰ কুহিৰাম হাজৰিকা নামৰ লোকজনৰ শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় ৷ পৰিয়াল তথা ৰাইজে লোকজনৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে মৃতদেহটো শ্মশানলৈ লৈ যোৱাৰ পথত সমীপৱৰ্তী আন এখন গাঁৱৰ একাংশ মহিলা আৰু যুৱকে প্ৰথমে বাধা প্ৰদান কৰে ৷ ফলত দুয়োপক্ষৰ মাজত বাক-বিতণ্ডাৰ সূত্ৰ-পাত হয় ৷

ৰাইজে মৃতদেহ চিতাত তুলিব খোজাৰ সময়তে এজন যুৱকে বাধা প্ৰদান কৰাৰ লগতে মৃতদেহক পদাঘাত কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ তাৰোপৰি এগৰাকী মহিলাই চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা চলোৱাৰো অভিযোগ তুলিছে ৰাইজে ৷

ৰাইজে জানিবলৈ দিয়া মতে, ৰাজহুৱা শ্মশানখনৰ সমীপত আন ঠাইৰ পৰা আহি বসতি স্থাপন কৰিছে কেইঘৰমান লোকে ৷ শ্মশানত সৎকাৰ কাৰ্য সম্পাদন কৰিলে গোন্ধ বিয়পাৰ অভিযোগ তুলি এই সৎকাৰত বাধা প্ৰদান কৰে দলটোৱে ৷ পৰৱৰ্তী সময়ত মঙলদৈ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মৃতদেহ সৎকাৰৰ সুবিধা কৰি দিয়ে ৰাইজক ৷ ঘটনা সন্দৰ্ভত মঙলদৈ সদৰ থানাত ৰাইজে এজাহাৰ দাখিল কৰিব বুলিও জানিব পৰা গৈছে ৷

লগতে পঢ়ক : গৃহৰক্ষী জোৱানক ছুৰীকাঘাত মহিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.