ETV Bharat / state

দলগাঁৱৰ কোৱাৰেণ্টাইন চেণ্টাৰত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Jun 19, 2020, 9:18 PM IST

কেন্দ্ৰটোত পুৱাৰ আহাৰ যোগান ধৰাত কিছু পলম হোৱাৰ লগতে নিম্ন মানৰ খাদ্য যোগান ধৰাৰ অভিযোগ তুলি কেন্দ্ৰটোত থকা একাংশ লোকে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷ আনকি আহাৰ যোগান ধৰা লোকসকলক উদ্দেশ্য কৰি অশ্লীল গালি-গালাজ কৰে একাংশ লোকে ৷

Tense conditions at Dalgaon Quarantine Center
দলগাঁৱৰ কোৱাৰেণ্টাইন চেণ্টাৰত উত্তপ্ত পৰিস্থিতি

দলগাঁও,19 জুনঃ দৰং জিলাৰ দলগাঁৱৰ কোৱাৰেণ্টাইন চেণ্টাৰত শুকুৰবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠীচালনা কৰিবলৈও বাধ্য হয় আৰক্ষীয়ে ৷ জানিব পৰা মতে,বহিঃৰাজ্যৰ পৰা অহা পাঁচ শতাধিক লোক বৃহস্পতিবাৰৰ পৰা কোৱাৰেণ্টাইন হৈ আছিল দলগাঁও আদৰ্শ বিদ্যালয়ত ৷ শুকুৰবাৰে কেন্দ্ৰটোত পুৱাৰ আহাৰ যোগান ধৰাত কিছু পলম হোৱাৰ লগতে নিম্ন মানৰ খাদ্য যোগান ধৰাৰ অভিযোগ তুলি কেন্দ্ৰটোত থকা একাংশ লোকে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷ আনকি আহাৰ যোগান ধৰা লোকসকলক উদ্দেশ্য কৰি অশ্লীল গালি-গালাজ কৰে একাংশ লোকে ৷ পিছত কোৱাৰেণ্টাইন চেণ্টাৰটোত দলগাঁও ৰাজহ চক্ৰ বিষয়া আৰু দলগাঁও আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷

লগতে পঢ়কঃবানৰ সৈতে মোকাবিলা কৰিবলৈ কিদৰে সাজু হৈছে চৰকাৰ-প্ৰশাসন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.