ETV Bharat / state

ছিপাঝাৰত পৰমানন্দই মুকলি কৰিব নেকি বিৰোধীৰ কপাল ?

author img

By

Published : Mar 6, 2021, 5:47 PM IST

66নং ছিপাঝাৰ বিধান সভা সমষ্টিও জৰ্জৰিত এতিয়া প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে ৷ প্ৰথমাৱস্থাত অগপৰ হৈ পৰমানন্দ ৰাজবংশীয়ে সমষ্টিটোত প্ৰতিদন্দিতা কৰাৰ কথা-বতৰা চলি আছিল যদিও ক্ষোভৰ উদগীৰণ হৈছিল বিজেপি সমৰ্থকৰ মাজত ৷ কোনোপধ্যে সমষ্টিটো সবল ভেটি নথকা অগপক এৰি দিব নিবিচৰাত অগপ ত্যাগ কৰি শনিবাৰে বিজেপিত যোগদান কৰে পৰমানন্দ ৰাজবংশীয়ে ৷

sipajhar-constituency
ছিপাঝাৰত পৰমানন্দই মুকলি কৰিব নেকি বিৰোধীৰ কপাল ?

দৰং, 6মাৰ্চ: ৰাজ্যৰ বহুকেইটা সমষ্টিত বৰ্তমান প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে দেখা দিছে ৷ কংগ্ৰেছ মহাজোঁটবন্ধনেই হওক নাইবা বিজেপি মিত্ৰজোঁটেই হওক ৷ তৃণমূল কৰ্মীসকলে উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিছে দলীয় কাৰ্যালয়ত ৷ 66নং ছিপাঝাৰ বিধান সভা সমষ্টিও জৰ্জৰিত এতিয়া প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে ৷ প্ৰথমাৱস্থাত অগপৰ হৈ পৰমানন্দ ৰাজবংশীয়ে সমষ্টিটোত প্ৰতিদ্বন্বিতা কৰাৰ কথা-বতৰা চলি আছিল যদিও ক্ষোভৰ উদগীৰণ হৈছিল বিজেপি সমৰ্থকৰ মাজত ৷ কোনোপধ্যে সমষ্টিটো সবল ভেটি নথকা অগপক এৰি দিব নিবিচৰাত অগপ ত্যাগ কৰি শনিবাৰে বিজেপিত যোগদান কৰে পৰমানন্দ ৰাজবংশীয়ে ৷ যাৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত বিজেপিয়ে বৰ্তমানৰ বিধায়ক বিনন্দ শইকীয়াৰ সলনি পৰমানন্দ ৰাজবংশীক প্ৰক্ষেপ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

তাৎপৰ্যপূৰ্ণভাৱে,3 বাৰৰ বিধায়ক হোৱা বিনন্দ শইকীয়াৰো নিশ্চিতৰূপত আছে নিজা ভোটবেংক । আনহাতে পৰমানন্দ ৰাজবংশীয়ে দলীয় টিকট লাভ কৰিলে শইকীয়াৰ সমৰ্থকৰ উমি উমি জ্বলা জুইকুৰা যে দাউ দাউকৈ জ্বলিব সেইটো একপ্ৰকাৰ নিশ্চিত ৷ ইপিনে,টিকটৰ লালসাত অন্তিম মুহূৰ্তত দল বাগৰা পৰমানন্দ ৰাজবংশীয়ে মিত্ৰদল অগপৰ কৰ্মীৰো বিশ্বাস আৰু সমৰ্থন হেৰুৱাও খাটাং হৈ পৰিছে ৷ এনে পৰিস্থিতিত ভোট বিৰোধী শিবিৰলৈ যোৱাৰ সম্ভাৱণাই অধিক সমষ্টিটোত । লক্ষণীয় হ'ব,পৰমানন্দ ৰাজবংশীক ছিপাঝাৰত প্ৰাৰ্থী হিচাপে থিয় হ'লে বিজেপি মিত্ৰজোঁটৰ ফলাফল সেই সমষ্টিত কি হ'ব ৷

লগতে পঢ়কঃ প্ৰাসংগিক প্ৰেক্ষাপটঃ আজিৰ অতিথি জয়শ্ৰী গোস্বামী মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.