দৰং, 15 ছেপ্টেম্বৰ : আকৌ খাকী পোচাকত লাগিছে দাগ ৷ বিভিন্ন সময়ত অসম আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈ অহা বিভিন্ন অভিযোগৰ মাজতে আহিছে এটা খবৰ ৷ অৱশেষত চাকৰিৰ পৰা নিলম্বিত হ’ল মঙলদৈ সদৰ থানাৰ মহিলা শাখাৰ আৰক্ষী বিষয়া কৰবী শইকীয়া । সহকৰ্মীক দুৰ্ব্যৱহাৰৰ কৰা অভিযোগ উত্থাপন হৈছে নিলম্বিত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ৷
আনকি কৰ্তব্যটো গাফিলতি কৰাৰ অভিযোগ উঠিছে মঙলদৈ সদৰ থানাৰ মহিলা শাখাৰ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ৷ যাৰ ফলত তৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ কৰবী শইকীয়াক নিলম্বনৰ নিৰ্দেশনা জাৰি কৰিছে দৰং আৰক্ষী অধীক্ষকগৰাকীয়ে ।
অভিযোগ অনুসৰি, আৰক্ষী বিষয়া কৰবী শইকীয়াৰ বিৰুদ্ধে পূৰ্বেও বহু বিতৰ্কৰ সৃষ্টি হৈছিল । মঙলদৈৰ পূৰ্বে তেওঁ ধূলাত কৰ্তব্যত নিয়োজিত হৈ আছিল ৷ ধূলাত থকা সময়চোৱাত কৰবী শইকীয়াই সাধাৰণ ৰাইজৰ লগতে সহকৰ্মীকো বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ আছে ।
কেৱল ইমানেই নহয়, একাংশৰ মতে ধন দাবী কৰি বিতৰ্কৰ মাজতো সোমাই পৰিছিল আৰক্ষী বিষয়া কৰবী শইকীয়া । বিভিন্ন বিতৰ্কৰ মাজতে তেওঁক মঙলদৈলৈ বদলি কৰা হৈছিল । এইবোৰ অভিযোগৰ মাজতে কিছুদিন পূৰ্বে বিতৰ্কিত আৰক্ষী বিষয়াগৰাকীয়ে প্ৰাক্তন সেনা বিষয়াক দুৰ্ব্যৱহাৰ কৰিছিল ৷
আনকি তেওঁৰ গোচৰ সংক্ৰান্তীয় কাম-কাজত গাফিলতি কৰিছিল । তাৰ পাচতে সেনা বিষয়াগৰাকীয়ে আৰক্ষী অধীক্ষকগৰাকীক এই বিষয়ে অৱগত কৰিছিল । দীৰ্ঘদিন ধৰি কৰবী শইকীয়াই মঙলদৈতো নিজৰ সহকৰ্মীক বেয়া ব্যৱহাৰ কৰি আহিছিল ৷
সেনা বিষয়াগৰাকীৰ এই অভিযোগৰ লগতে বিভিন্ন সময়ত উত্থাপন হৈ অহা কেতবোৰ অভিযোগৰ ভিত্তিতেই তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ আৰক্ষী বিষয়া কৰবী শইকীয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে দৰঙৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ৷