ETV Bharat / state

ওদালগুৰিত মনোনয়ন পত্ৰ দাখিল কৰিলে কেইবাজনো প্ৰাৰ্থীয়ে

author img

By

Published : Mar 12, 2021, 7:25 AM IST

দ্বিতীয় পৰ্যায়ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে ওদালগুৰি উপায়ুক্ত কাৰ্যালয়ত কেইবাজনো প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। একেদিনাই মাজবাট সমষ্টিৰ বাবেও মনোনয়ন দাখিল কৰে কেইবাজনো প্ৰাৰ্থীয়ে ৷

ওদালগুৰিত মনোনয়ন পত্ৰ দাখিল কৰিলে কেইবাজনো প্ৰাৰ্থীয়ে
ওদালগুৰিত মনোনয়ন পত্ৰ দাখিল কৰিলে কেইবাজনো প্ৰাৰ্থীয়ে

ওদালগুৰি,12 মাৰ্চ: দ্বিতীয় পৰ্যায়ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে ওদালগুৰি উপায়ুক্ত কাৰ্যালয়ত কেইবাজনো প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । ওদালগুৰি বিধানসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসমূহ হ'ল- বিপিএফ প্ৰাৰ্থী তথা অসম চৰকাৰৰ মন্ত্ৰী ৰিহণ দৈমাৰী আৰু ইউপিপিএলৰ প্ৰাৰ্থী তথা বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে । লগতে পানেৰী সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে বিজেপি প্ৰাৰ্থী তথা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ।

আনহাতে, মাজবাট সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে বিপিএফৰ প্ৰাৰ্থী তথা মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়োই। লগতে সমষ্টিটোৰ বাবে বিজেপিৰ প্ৰাৰ্থী জিতু কিষাণ আৰু ইউ পি পি এল প্ৰাৰ্থী ৰতেন্দ্ৰ দৈমাৰীয়েও মনোনয়ন পত্ৰ দাখিল কৰে । মনোনয়ন দাখিল কৰি মন্ত্ৰী ৰিহণ দৈমাৰীয়ে সমষ্টিটোত গোবিন্দ বসুমতাৰী কোনো ফেক্টৰ নহয় বুলি মন্তব্য কৰাৰ বিপৰীতে গোবিন্দ বসুমতাৰীয়েও নিজৰ বিজয় নিশ্চিত বুলি দাবী কৰে ।

লগতে পঢ়ক: নগাঁও জিলাত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰৰ পৰীক্ষণ সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.