ETV Bharat / state

দলগাঁৱত গঁড়ৰ মুক্ত বিচৰণ: গঁড়ৰ আক্ৰমণত আহত শিক্ষক

দলগাঁৱত দুটা গঁড়ৰ মুক্ত বিচৰণ ৷ গঁড়ৰ আক্ৰমণত আহত এগৰাকী শিক্ষক ৷ ঘটনাক লৈ শংকিত হৈ পৰিছে ৰাইজ ৷ খাদ্যৰ সন্ধানত গঁড় দুটা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহাৰ আশংকা ৷

rhino attacked teacher in dalgaon
দলগাঁৱত গঁড়ৰ মুক্ত বিচৰণ
author img

By

Published : Apr 3, 2021, 1:14 PM IST

দলগাঁও, 3 এপ্ৰিল: দলগাঁৱৰ ৰুহিনীকাষ গাঁও আৰু গধাইঝাৰ গাঁৱত দুই গঁড়ৰ মুক্ত বিচৰণে অঞ্চলটোৰ ৰাইজক আতংকিত কৰি তুলিছে ৷ শনিবাৰে পুৱতি নিশা স্থানীয় ৰাইজে গঁড় দুটা প্ৰত্যক্ষ কৰে ৷

প্ৰাপ্ত তথ্য অনুসৰি, গঁড়ৰ আক্ৰমণৰ ফলত এগৰাকী শিক্ষক গুৰুতৰভাৱে আহত হৈছে ৷ আহত শিক্ষক গৰাকীক অতি সংকটজনক অৱস্থাত চিকিৎসলয়লৈ প্ৰেৰণ কৰা হয় ৷

জানিব পৰা মতে. বৰ্তমান গাঁওখনৰ সমীপতে পথাৰত গঁড় দুটাই মুক্তভাৱে বিচৰণ কৰি আছে ৷ খাদ্যৰ সন্ধানত গঁড় দুটা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি জন বসতিপূৰ্ণ অঞ্চলত প্ৰৱেশ কৰা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷

ঘটনাৰ খবৰ পাই বন বিভাগৰ লোক তথা স্থানীয় আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় ৷ দুটাকৈ গঁড়ে এতিয়া এনেদৰে মুক্তভাৱে বিচৰণ কৰি ফুৰাত ৰাইজ শংকিত হৈ পৰিছে ৷

লগতে পঢ়ক: ৩২ মিনিটত ৩২ হাজাৰ গছপুলি ৰোপণ কৰি বঙাইগাঁৱত অভিলেখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.