ETV Bharat / state

Constituency Delimitation Final List: সাংসদ-বিধায়কৰ নিৰ্লিপ্ততাৰ বাবে মঙলদৈ সমষ্টিৰ নাম সলিন কৰিব পাৰিলে; সচেতন ব্যক্তি - Assam BJP

পূৰ্বৰ লোকসভা সমষ্টিৰ পুনৰ নামাকৰণৰ তালিকা প্ৰকাশৰ পাচতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া ৷ মঙলদৈ লোকসভা সমষ্টিৰ নাম নতুনকৈ 'দৰং ওদালগুৰি' সমষ্টি বুলি নামাকৰণৰ পাচতে প্ৰতিক্ৰিয়া ৷ সাংসদ-বিধায়কৰ নিৰ্লিপ্ততাৰ বাবেই আজি ঐতিহাসিক মঙলদৈ লোকসভা সমষ্টিটো ‘দৰং ওদালগুৰি' লোকসভা সমষ্টি হিচাপে নিৰ্বাচনী আয়োগে প্ৰকাশ কৰিলে । এই মন্তব্য সচেতন ব্যক্তি ৷

Constituency Delimitation Final List
সাংসদ বিধায়কৰ নিৰ্লিপ্ততাৰ বাবে মঙলদৈ সমষ্টিৰ নাম সলিন কৰিব পাৰিলে
author img

By

Published : Aug 12, 2023, 7:24 AM IST

মঙলদৈ, 12 আগষ্ট: শুকুৰবাৰে পূৰ্বৰ লোকসভা সমষ্টিৰ নতুন নামাকৰণৰ প্ৰথমখন তালিকা প্ৰকাশৰ পাচতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ৷ মঙলদৈ লোকসভা সমষ্টিৰ নাম নতুনকৈ 'দৰং ওদালগুৰি' সমষ্টি বুলি নামাকৰণ কৰাৰ পাচতে প্ৰতিক্ৰিয়া দল-সংগঠন আৰু সচতেনমহলৰ ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে দলগাঁৱৰ ডায়েটৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মাধৱ শৰ্মাই ৷ তেওঁ কয় যে, দৰঙৰ ইতিহাস জানিও নজনাৰ ভাও ধৰা সাংসদ-বিধায়কৰ নিৰ্লিপ্ততাৰ বাবেই আজি ঐতিহাসিক মঙলদৈ লোকসভা সমষ্টিটো ‘দৰং ওদালগুৰি' লোকসভা সমষ্টি হিচাপে নিৰ্বাচনী আয়োগে প্ৰকাশ কৰিলে । এয়া সমগ্ৰ দৰঙবাসীৰ বাবে দুৰ্ভাগ্যজনক । প্ৰকৃততে আমাৰ দৰঙৰ সমষ্টি ভিত্তিক বিধায়ক, সাংসদ আছে যদিও দৰঙবাসীৰ সুখ-দুখ লগৰী হোৱাৰ এজনো দক্ষ নেতা দৰঙত নথকাটো সঁচাই দুৰ্ভাগ্যজনক ৷

ছিপাঝাৰস্থিত দৰঙী কলা কৃষ্টি উন্নয়ন সংঘৰ বাকৰিত শুকুৰবাৰে বিয়লি ৪ বজাত দৰং লোকসভা সমষ্টি দাবী সমিতিৰ এখন সভা অনুষ্ঠিত হয় ৷ ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱৰ সভাপতিত্বত হোৱা উক্ত সভাত ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চুমন বৰদলৈয়ে নিৰ্বাচনী আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক আদৰণি জনায় ৷ তেওঁ কয়, ‘‘এই প্ৰক্ৰিয়া খিলঞ্জীয়াসকলৰ বাবে ৰক্ষা কৱচ হ’ব ।’’

দৰং লোকসভা সমষ্টি দাবী সমিতিৰ সম্পাদক ভৱেশ কাকতিয়ে সভাখন আঁত ধৰি কয় যে, ‘‘এটা জনগোষ্ঠীক প্ৰাধান্য দি 'মঙলদৈ' নাম ওফৰাই আমাৰ সমষ্টিটো 'দৰং ওদালগুৰি' কৰিলে । পৰৱৰ্তীকালত দৰং নামটোও বিলুপ্ত যে নহ'ব তাৰ কোনো নিশ্চয়তা নাই । এয়া আমাৰ বাবে ভাল লক্ষণ নহয় ৷

লগতে পঢ়ক:Bajrang Dal Arms training: অগপ নেতা ড৹ জয়নাথ শৰ্মাক তলব দৰং জিলা আয়ুক্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.