ETV Bharat / state

মিঞা সংগ্ৰহালয় বিৰ্তকৰ মাজতে সাংসদ দিলীপ শইকীয়াৰ মন্তব্য - খিলঞ্জীয়া

বিতৰ্কিত মিঞা সংগ্ৰহালয় স্থাপন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ ৷ এই সংগ্ৰহালয় স্থাপন কৰিবলৈ হ’লে এই দাবী উত্থাপন কৰা লোকসকল খিলঞ্জীয়া হ’ব লাগিব বুলি প্ৰকাশ কৰে সাংসদগৰাকীয়ে ৷

Reaction of MP Dilip Saikia about Miya meseum assam etv bharat news
দিলীপ শইকীয়া
author img

By

Published : Nov 2, 2020, 1:55 PM IST

দৰং,2 নৱেম্বৰ: ৰাজ্যজুৰি বিতৰ্ক অব্যাহত আছে মিঞা মিউজিয়াম স্থাপনৰ প্ৰসংগত ৷ ইয়াৰ মাজতে বিভিন্ন ক্ষেত্ৰৰ বহু লোকে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ পিছ পৰি থকা নাই ৰাজনীতিবিদসকলো ৷ সোমবাৰে ৰাজ্যত মিঞা সংগ্ৰহালয় স্থাপন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই ৷ সাংসদগৰাকীয়ে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংগ্ৰহালয় স্থাপন কৰিবলৈ হ’লে এই দাবী উত্থাপন কৰা লোকসকল খিলঞ্জীয়া হ’ব লাগিব বুলি প্ৰকাশ কৰে ৷ সেয়ে প্ৰথমে সংগ্ৰহালয় স্থাপন কৰিব বিচৰা লোকসকল এই পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হ’বলৈ প্ৰত্যাহ্বান জনায় সাংসদগৰাকীয়ে ৷ বিজেপিৰ এক দলীয় কাৰ্যসূচীত সোমবাৰে সাংসদগৰাকীয়ে অংশগ্ৰহণ কৰাৰ পূৰ্বে এনেদৰে মিঞা সংগ্ৰহালয় স্থাপন সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে ৷

মিঞা মিউজিয়াম প্ৰসংগত মন্তব্য সাংসদ দিলীপ শইকীয়াৰ

লগতে চাওকঃ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে মুকলি পৰ্টেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.