দৰং,24আগষ্টঃ সোমবাৰে ওদালগুৰিত অনুষ্ঠিত বি পি এফৰ যোগদান সভাত ৰঞ্জন দৈমাৰীৰ ভগ্নী তথা বড়ো ওমেন জাষ্টিছ ফ’ৰামৰ সভানেত্ৰী অঞ্জলি দৈমাৰীয়ে দলটোত যোগাদান কৰে ৷ প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত অঞ্জলি দৈমাৰীয়ে আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে ৷
ইপিনে সাংবাদিকৰ আগত প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰে যে,আগন্তুক বি টি চি নিৰ্বাচনত বিপিএফ দলে মুঠ ৩০খন আসন লাভ কৰিব ৷ তদুপৰি 2021ৰ বিধানসভা নিৰ্বাচনত বিপিএফ দল কাৰ লগত থাকিব সেইয়া বিটিচি পৰিষদ গঠন কৰাৰ পাছতহে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷
আনহাতে, আজি ওদালগুৰিত অনুষ্ঠিত বিপিএফ দলৰ যোগদান সভাত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী চন্দন বহ্ম, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়েও অংশগ্ৰহণ কৰে ৷
লগতে পঢ়কঃৰাহুলৰ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা