ETV Bharat / state

ছিপাঝাৰত গাঁও পঞ্চায়তৰ সভানেত্ৰীক গ্ৰেপ্তাৰৰ দাবীত অৱস্থান ধৰ্মঘট - নন্দন নিলোৎপল ভাগৱতী

ছিপাঝাৰ উন্নয়ন খণ্ডৰ অধীনস্থ গনেশকুৱৰী গাঁও পঞ্চায়তৰ দুৰ্নীতিগ্ৰস্ত সভানেত্ৰী তথা বিজেপি দলৰ প্ৰতাপী নেত্ৰী তুলিকা ৰাজবংশীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী | মুখ্যমন্ত্ৰীলৈ দাবী পত্ৰ প্ৰেৰণ প্ৰতিবাদকাৰীৰ ৷

Protest against GP president at sipajhar
গনেশকুৱৰী গাঁও পঞ্চায়তৰ দুৰ্নীতিগ্ৰস্ত সভানেত্ৰীক গ্ৰেপ্তাৰৰ দাবীত অৱস্থান ধৰ্মঘট
author img

By

Published : Nov 4, 2020, 9:37 AM IST

দৰং, 4 নৱেম্বৰ: ছিপাঝাৰ উন্নয়ন খণ্ডৰ অধীনস্থ গনেশকুৱৰী গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতি ৷ পঞ্চায়তৰ সভানেত্ৰী তথা বিজেপি দলৰ প্ৰতাপী নেত্ৰী তুলিকা ৰাজবংশীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত ছিপাঝাৰত উত্তাল প্ৰতিবাদ | দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ দৰং জিলা সমিতিৰ উদ্যোগত একাংশ ৰাইজে হাতে হাতে বেনাৰ,পোষ্টাৰ লৈ ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত ৰূপায়ণ কৰে তিনিঘন্টীয়া এক অৱস্থান ধৰ্মঘট । যুৱ শক্তিৰ জিলা সমিতিৰ উপদেষ্টা আশ্ৰফ আলী,সভাপতি নিতানন্দ কলিতা,সম্পাদক মুনমুন শ‌ইকীয়া আৰু সহ সম্পাদক প্ৰাঞ্জল হাজৰিকাৰ নেতৃত্বত প্ৰতিবাদকাৰী সকলে বিভিন্ন দুৰ্নীতিত অভিযুক্ত বিশেষকৈ শিক্ষাগত অহৰ্তাৰ প্ৰমাণ পত্ৰ জালিয়াতি কৰি বিতৰ্কিত হৈ পৰা গনেশকুৱৰী পঞ্চায়তৰ সভানেত্ৰীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ চৰকাৰ তথা প্ৰশাসনৰ ওচৰত দাবী জনায় । প্ৰতিবাদ স্থলীত উপস্থিত হোৱা স্থানীয় ৰাজহ চক্ৰ বিষয়া নন্দন নিলোৎপল ভাগৱতীৰ জৰিয়তে এখন ৭ দফীয়া দাবী পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক: নিমিষতে কৃত্ৰিম বানত ডুবিল মহানগৰীৰ আদাবাৰীৰ ৰাজপথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.