দলগাঁও, 19 ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে দলগাওঁ ৰাজহ চক্ৰৰ কাৰ্যালয়ত দালাল ৰাজৰ বিৰুদ্ধে মহিলা সমিতিয়ে খাৰুপেটীয়াত অনুষ্ঠিত কৰে এক সংবাদমেলৰ ৷ দলগাঁও ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ একাংশ বিষয়া কৰ্মচাৰী আৰু দালালৰ দপ-দপনিত অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ । যাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে মহিলা সমিতি ৷
মহিলা সমিতিয়ে অভিযোগ কৰা অনুসৰি, দালাল অবিহনে কোনো কামেই নহয় দলগাওঁ ৰাজহ চক্ৰ কাৰ্যালয়ত ৷ আনকি বিভিন্ন অজুহাতত ঘুৰাই পঠোৱা হয় সৰ্বসাধাৰণ ৰাইজক । সৰ্ব সাধাৰণ ৰাইজে দীৰ্ঘদিন ধৰি ঘুৰি ফুৰি কৰিব নোৱাৰা কাম, ধনৰ বিনিময়ত নিমিষতে কৰি দিয়ে দালালে ৷ আনকি ধনৰ বিনিময়ত দালালৰ সহযোগত কৰিব পাৰি মাটি সংক্ৰান্তীয় যি কোনো কামেই ৷ সংবাদমেল যোগে মহিলা সমিতিয়ে সন্ধিয়াৰ পাছতো কাৰ্যালয়ত নিজৰ কোঠালীত দালালে কাম কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে ।
দলগাঁও ৰাজহ চক্ৰৰ কাৰ্যালয়ত দালালৰ দপদপনিৰ বিষয়ে অভিযোগ তুলি খাৰুপেটীয়া নগাজান বহুমুখী মহিলা সমিতিৰ মহিলাসকলে দলগাঁও ৰাজহ চক্ৰ বিষয়া সমীৰ চৌধুৰীৰ দূৰ্নীতি আৰু লুণ্ঠণৰ বিৰুদ্ধে দৰং জিলা উপায়ুক্তক লিখিত ভাৱে অভিযোগ দিয়ে ৷ কিন্তু এই অভিযোগ দিয়াৰ পাছতো উপায়ুক্ত গৰাকীয়ে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে মহিলা সমিতি ৷