দলগাঁও,১৯ ফেব্ৰুৱাৰীঃ নিৰ্বাচন আহিলে নেতা-পালিনেতাই কাষ চাপে জনসাধাৰণৰ ৷ এই দৃশ্য এতিয়া সুলভ হৈ পৰিছে দলগাঁৱত ৷ দলগাঁৱত জনসাধাৰণক বাঁহৰ সাঁকোৰ সলনি পকী দলং নিৰ্ম্মাণৰ প্ৰতিশ্ৰুতি দিছিল স্থানীয় বিধায়কে ৷ যাৰ পৰিণতিত বিগত ৮-১০ বছৰে গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰা বাঁহৰ সাঁকোৰে যাতায়ত অব্যাহত ৰাখিছে দৰঙৰ অন্তৰ্গত ধূলা গাঁও পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ ৰাইজে ৷
শাক-পাচলি উৎপাদনৰ ভঁৰালৰূপে পৰিচিত ১ আৰু ২নং মাগুৰমাৰীকে ধৰি কেবাখনো গাঁৱৰ ৰাইজে এতিয়া এই সমস্যাৰ সন্মুখীন হৈছে । অঞ্চলটোত বাৰিষা যাতায়তৰ একমাত্ৰ মাধ্যম হয় কলগছৰ ভুৰ অথবা নাওঁ ৷ দীৰ্ঘদিন ধৰি ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেয়ো এনেদৰে বিপদসংকুল যাতায়ত অব্যাহত ৰাখিছে ৷ কিন্তু বাঁহৰ সাঁকোখনৰো অৱস্থা সম্প্ৰতি জৰাজীৰ্ণ হৈ পৰিছে । ফলত যিকোনো সময়তে দুৰ্ঘটনা ঘটাৰ আশংকা কৰা হৈছে ৷ অঞ্চলটোৰ ভুক্তভোগীলোকসকলে স্থানীয় বিধায়ক গুৰুজ্যাতি দাসক পকী দলং নিৰ্ম্মাণৰ বাবে দাবী জনায় ৷ কিন্তু বৰ্তমানলৈকে বিধায়কগৰাকীয়ে এইক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাই বুলি জানিবলৈ দিয়ে ৰাইজে ৷
লগতে চাওকঃনগাঁৱৰ ৰূপহীহাটত বন্যহস্তীৰ তাণ্ডৱ