ETV Bharat / state

ৰাইজৰ বৰঙণিৰে খাৰুপেটীয়াত নিৰ্মাণ কৰিলে বাঁহৰ সাঁকো

author img

By

Published : Jun 21, 2022, 7:16 PM IST

দলগাঁৱত নৈৰ প্ৰবল সোঁতে উটুৱাই নিছিল এখন ফুটব্ৰীজ(Flood broke footbridge) । ফুটব্ৰীজখন উটুৱাই নিয়াৰ পাছত যোগাযোগ ব্য়াহত হৈ পৰিছিল দুয়োপাৰৰ ৰাইজৰ মাজত । জনপ্ৰতিনিধি তথা পঞ্চায়ত প্ৰতিনিধিয়ে এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াত ৰাইজে দান বৰঙণিৰে নিৰ্মাণ কৰিলে বাঁহৰ সাঁকো ।

people build bamboo bridge
ৰাইজৰ বৰঙণিৰে খাৰুপেটীয়াত নিৰ্মাণ কৰিলে বাঁহৰ সাঁকো

দলগাঁও,২১ জুন: বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰি উটুৱাই নিছিল খাৰুপেটীয়াৰ খেতাশ্বৰ গাঁৱৰ ৮ আৰু ৯ নং ৱাৰ্ডৰ মাজত যোগাযোগৰ এক মাত্ৰ সাৰথি ফুটব্ৰীজখন(Flood broke footbridge) । তাৰ পাছতে খাৰুপেটীয়া সংলগ্ন খেতাশ্বৰ গাঁৱৰ ৮ আৰু ৯ নং ৱাৰ্ডৰ যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছিল । ৰাইজে গাওঁ পঞ্চায়তৰ সভাপতিক এই বিষয়ে অৱগত কৰাৰ পাছতো কোনো গুৰুত্ব প্ৰদান নকৰাত মঙলবাৰে ৰাইজে নিজৰ দান বৰঙণিৰে নিৰ্মাণ কৰি উলিয়ালে এখন বাঁহৰ সাঁকো ।

জনপ্ৰতিনিধিৰ আশা বাদ দি সাকোঁ নিৰ্মাণৰ বাবে ওলাই আহিল দলগাঁও সমষ্টিৰ খাৰুপেটীয়াৰ বিহুদিয়া গাঁও পঞ্চায়তৰ ৰাইজ । খাৰুপেটীয়া সংলগ্ন খেতাশ্বৰ গাঁৱৰ ৮ আৰু ৯ নং ৱাৰ্ডৰ ৰাইজে দান বৰঙণি,বাঁহ আদি সংগ্ৰহ কৰি হাতে কামে লাগি বানে খহাই নিয়া গাঁওখনৰ ফুট ব্ৰীজৰ ঠাইত নিৰ্মাণ কৰিলে এখন বাঁহৰ সাকোঁ । সাঁকো নিৰ্মাণৰ মাজতে ভুক্তভোগী ৰাইজে গাওঁ পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে উজাৰিলে তীব্ৰ ‌ক্ষোভ(Kharupatiya people anger against panchayat president) ।

উল্লেখযোগ্য যে ১৭ জুনত খেতাশ্বৰ গাঁৱৰ মাজেৰে বৈ যোৱা নৈৰ প্ৰৱল সোঁতে চকুৰ সন্মুখতে ফুট ব্ৰীজখন খহাই নিয়াত উপায়ন্তৰ হৈ ৰাইজে কলগছৰ ভুৰেৰে যাতায়ত অব্যাহত ৰাখিছিল । ইমানৰ পিছতো বিধায়ক‌ কিম্বা গাঁও পঞ্চায়তৰ সভাপতিগৰাকীয়ে বিপদ কালত খাৰুপেটীয়াৰ গাতে লাগি থকা গাঁওখনৰ ৰাইজৰ কোনো ধৰণৰ খবৰ নোলোৱাত ক্ষোভিত হৈ পৰিছিল ৰাইজ । অৱশেষত দান বৰঙণিৰে সাঁকো নিৰ্মাণ কৰি ক্ষোভিত ৰাইজে গাঁও পঞ্চায়তৰ সভাপতি আজগৰ আলিক ৮ নং ৱাৰ্ডত‌ প্ৰবেশ নিষিদ্ধ কৰে ।

লগতে পঢ়ক: ৰঙিয়াৰ চেপ্তিত বানত সন্ধানহীন জুমন দাসৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.