দলগাঁও, 26 অক্টোবৰঃ ৰাজ্যৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যানসমূহৰ লগতে 2019-20 বৰ্ষৰ বাবে শনিবাৰে আনুষ্ঠানিকভাৱে মুকলি হ’ল ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান ৷ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে উদ্যানখন ৷ লগতে জীপ চাফাৰী কৰি উদ্যানখন পৰিভ্ৰমণ কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য,মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস আৰু সাংসদ দিলীপ শইকীয়াই ৷
ইয়াৰোপৰি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে আৰক্ষী অধীক্ষক অমৃত ভূঞা, চক্ৰ বিষয়া যুৱৰাজ বৰঠাকুৰ, পি.চি.চি.এফ ৰঞ্জনা গুপ্তা, এ.এম.সিঙ, মঙলদৈৰ ডি.এফ.অ’ সন্দীপ বেণ্ডী, আঞ্চলিক বন বিষয়া ৰঞ্জন বৰুৱাকে আদি কৰি বনবিষয়া সকলৰ লগতে স্থানীয় ৰাইজ ৷ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই পৰ্যটকৰ আৰু অধিক আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰিবলৈ উদ্যানখনৰ আন্তঃগাঁথনিৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ কথা অৱগত কৰে ৷
আৰু পঢ়কঃ দেৱালীত আতচবাজী নুফুটোৱাৰ সংকল্প মাজুলীৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ