ETV Bharat / state

Diarrhoea control fortnight: দৰঙত আৰম্ভ বিশেষ ডায়েৰিয়া নিয়ন্ত্ৰণ পষেক - Special diarrhoea control fortnight will run from July 15 to July 29

ৰাজ্যজুৰি আৰম্ভ হৈছে বিশেষ ডায়েৰিয়া নিয়ন্ত্ৰণ পষেক । বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে শুকুৰবাৰে দৰঙতো আৰম্ভ হয় বিশেষ ডায়েৰিয়া পষেক কাৰ্য্যসূচীৰ(Awareness about diarrhoea) । পষেকজোৰা কাৰ্য্যসূচীৰ আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে দৰঙৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ হৰপল সিং সুৰীয়ে ।(Special diarrhoea control fortnight will run from July 15 to July 29)

opening ceremony of special diarrhoea control fortnight in darang
দৰঙত বিশেষ ডায়েৰিয়া নিয়ন্ত্ৰণ পষেকৰ শুভ উদ্বোধনী অনুষ্ঠান
author img

By

Published : Jul 16, 2022, 7:29 AM IST

দৰঙ,১৬ জুলাই: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শুকুৰবাৰৰ পৰা দৰঙতো আৰম্ভ কৰা হয় বিশেষ ডায়েৰিয়া নিয়ন্ত্ৰণ পষেক কাৰ্য্যসূচীৰ । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান দৰঙৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত এই কাৰ্য্যসূচী আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে দৰঙৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ হৰপল সিং সুৰীয়ে । অনুষ্ঠান উদ্ধোধন কৰি তেওঁ কয় যে ডায়েৰিয়া সন্দৰ্ভত সজাগতা(Awareness about diarrhoea) সৃষ্টিৰ বাবে অনুষ্ঠিত এই কাৰ্য্যসূচী জিলাখনত সফল ভাৱে ৰূপায়িত হলে ডায়েৰিয়াত কোনো শিশু মৃত্যু মুখত নপৰিব ।

opening ceremony of special diarrhoea control fortnight in darang
ষেকজোৰা কাৰ্য্যসূচী আনুষ্ঠানিক ভাৱে শুভ উদ্ধোধন কৰে দৰঙৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ হৰপল সিং সুৰীয়ে ।

প্ৰতিগৰাকী স্বাস্থ্য কৰ্মীকেই খুব নিষ্ঠা সহকাৰে এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায় । অনুষ্ঠানত অতিৰিক্ত মুখ্য চিকিৎসা তথা স্বাস্থ্য বিষয়া ডাঃ নিৰ্মল কুমাৰ বেৰিয়া, মহকুমা স্বাস্থ্য বিষয়া ক্ৰমে ডাঃ বিনোদ চন্দ্ৰ কলিতা আৰু ডাঃ ৰমেশ চন্দ্ৰ গোস্বামী, UNICEF ৰ ৰাজ্যিক পৰ্যায়ৰ বিষয়া ডাঃ স্বৰূপ পট্টনায়ক আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰবন্ধক নয়না পৰাশৰে ভাষণ আগবঢ়াই ।

বিশেষ ডায়েৰিয়া নিয়ন্ত্ৰণ পষেকৰ কাৰ্য্যসূচী শুকুৰাবাৰ পৰা ২৯ জুলাইলৈ অনুষ্ঠিত কৰা হ'ব

জিলা মাধ্যম বিশেষজ্ঞ জাহ্নবী শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত জিলা আৰু খণ্ড পৰ্যায়ৰ মহকুমা স্বাস্থ্য বিষয়া সকলৰ লগতে জিলা আৰু খণ্ড পৰ্যায়ৰ বিষয়া কৰ্মচাৰী, আশা তথা স্বাস্থ্য বিভাগৰ অৰ্ধ শতাধিক লোকে অংশগ্ৰহণ কৰে । উল্লেখ্য যে এই বিশেষ ডায়েৰিয়া নিয়ন্ত্ৰণ পষেকৰ কাৰ্য্যসূচী শুকুৰাবাৰ পৰা ২৯ জুলাইলৈ অনুষ্ঠিত কৰা হ'ব ।

লগতে পঢ়ক: Barshashree Buragohain: জে’লত নহয়, কলেজতে পৰীক্ষা দিব লাগিব বৰ্ষাশ্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.