দলগাঁও, ১২ ডিচেম্বৰ : ন-খোৱা অসমীয়া সমাজৰ এক এৰাব নোৱাৰা পৰম্পৰা (Nokhowa Festival of Assam) । আধুনিকতাই সমাজ ব্যৱস্থাৰ বহু পৰম্পৰাক গ্ৰাস কৰিলেও দলগাঁৱত ন-খোৱা পৰম্পৰা আজিও অটুট আছে (Nokhowa Festival in Dalgaon) ৷ সমাজকৰ্মী কুলেন হাজৰিকাৰ প্ৰচেষ্টাত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত ন-খোৱা পৰ্বত গীত-মাত-নৃত্যৰে মুখৰিত হয় দলগাঁও ।
দলগাঁও বাৰোৱাৰী পূজা মন্দিৰত বিগত বৰ্ষৰ দৰে এইবাৰে সমবেত হয় অঞ্চলটোৰ গণ্য-মান্য সকলো লোক (Nokhowa Festival in Dalgaon Barowari Puja Mandir) । বিগত কেইবা বছৰৰ পৰা দলগাঁৱৰ ন-খোৱা অনুষ্ঠানে বহন কৰিছে সমন্বয় আৰু সম্প্ৰীতিৰ চানেকি (unity and harmony in Dalgaon nokhowa festival) ।
সমাজৰ বিভিন্ন জাতি-ধৰ্মৰ লোকৰ সমাগমেৰে পুৱাৰে পৰা আৰম্ভ হয় বিভিন্ন পৰম্পৰাগত খাদ্যৰ ৰন্ধন প্ৰক্ৰিয়া । হাঁহ-ছাগলীৰ মাংস, ঔ টেঙাৰে ৰৌ-বৰালি মাছৰ জোল, পোৰা গৰৈ মাছৰ পিটিকা, আলু-বেঙেনা পিটিকা আদি বিবিধ ব্যঞ্জনেৰে মিলিজুলি পুৱাৰে পৰা সকলোৱে ব্যস্ত হৈ পৰে । ন-খোৱাৰ পূৰ্বে জ্যেষ্ঠ আৰু কনিষ্ঠসকলৰ উপস্থিতিত অনুষ্ঠিত হয় অন্তৰংগ আলাপ ৷
অনুষ্ঠানৰ আৰম্ভণিতে বিবিধ লাড়ু-পিঠাৰে অতিথিক আপ্যায়ণ কৰে স্থানীয় মহিলাসকলে । পুণ্যধৰ শইকীয়াই আঁত ধৰা অনুষ্ঠানটো সঞ্চালনা কৰে দলগাঁও ডায়েটৰ অৱসৰী অধ্যক্ষ তপন হাজৰিকাই । অনুষ্ঠানত কৰা অন্তৰংগ আলাপত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক অৱনী মোহন চহৰীয়াই কয়, দলগাঁৱৰ অসমীয়া সমাজ ব্যৱস্থা সংকুচিত হৈ আহিলেও অসমীয়া জাতিৰ পৰম্পৰা ৰক্ষাত দলগঞা সদা জাগ্ৰত ।
তাৰ উপৰি এটা জাতিক জীয়াই ৰাখিবলৈ নিজৰ সংস্কৃতি ৰক্ষা কৰিব লাগিব । বিশিষ্ট শিক্ষাবিদ ফুলেন্দ্ৰ নাথ চহৰীয়াই ন-খোৱাক কৌটিকলীয়া অসমীয়া পৰম্পৰা বুলি অভিহিত কৰি ন-খোৱালৈ আহোঁতে তীৰ্থযাত্ৰালৈ অহা যেন অনুভৱ হোৱা বুলি কয় । সামৰণিত দলগাঁৱৰ সমাজৰ সৈতে বিভিন্ন ক্ষেত্ৰত জড়িত বিভিন্ন ধৰ্ম, ভাষাৰ লোকসকলে মিলি কলপটুৱাত এসাঁজ তৃপ্তিৰে খাই আনন্দ উপভোগ কৰে ৷
লগতে পঢ়ক :Open gambling in Biswanath: বিশ্বনাথত মেলাৰ নামত চলিছে মুকলি জুৱা