ETV Bharat / state

দৰঙত পুনৰ ১৪০ গৰাকী ক'ভিড আক্ৰান্ত চিনাক্ত

সোমবাৰে দৰং জিলাত পুনৰ ১৪০ গৰাকী লোকক ক'ভিড আক্ৰান্ত হিচাপে চিনাক্ত কৰা হয় ৷ সম্প্ৰতি জিলাখনত ক'ভিড আক্ৰান্তৰ সংখ্যা ৫৬১ গৰাকীলৈ বৃদ্ধি পায় ৷ এতিয়ালৈ জিলাখনত ৪০২ গৰাকী ক'ভিড আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে ।

সোমবাৰে দৰং জিলাত পুনৰ ১৪০ গৰাকী ক'ভিড আক্ৰান্ত চিনাক্ত

author img

By

Published : Apr 27, 2021, 9:12 AM IST

দৰং,27 এপ্ৰিল: দৰঙত ভয়ানকভাৱে বৃদ্ধি পাব ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ সোমবাৰে দৰঙত পুনৰ ১৪০ গৰাকী লোকৰ শৰীৰত ক'ভিড ১৯ ৰ অৱস্থিতি ধৰা পৰে । চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা বৰ্তমানলৈকে জিলাখনত ক'ভিড আক্ৰান্তৰ সংখ্যা ৫৬১ গৰাকীলৈ বৃদ্ধি পায় । এতিয়ালৈ জিলাখনত ৪০২ গৰাকী ক'ভিড আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে । ইয়াৰে ৫২ গৰাকী চিকিৎসালয়ত থকাৰ বিপৰীতে ৩৪৯ গৰাকীক ঘৰতে আছুতীয়াকৈ ৰখা হৈছে ।

চিকিৎসালয়ত থকা ক'ভিড আক্ৰান্তসকলৰ ভিতৰত ৪২ গৰাকীক মঙলদৈ অসামৰিক চিকিৎসালয় আৰু এজনক জনাৰামচৌকা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ আনহাতে, ৪ গৰাকী ক’ভিড ৰোগী গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ তদুপৰি আন তিনি গৰাকী গুৱাহাটীৰ জিএনআৰচি হাস্পতাল আৰু এগৰাকী এক্সেল কেয়াৰ হাস্পতালত ভৰ্তি হৈ আছে ৷

উল্লেখ্য যে, সোমবাৰৰ দিনটোত জিলাখনত ক'ভিডৰ ১,৮২৫ টা ৰেপিড এণ্টিজেন টেষ্ট আৰু ৮৫ টা আৰটিপিচিআৰ টেষ্ট সম্পন্ন কৰা হয় ৷

দৰঙৰ হাজৰিকাপাৰাৰ বৰুৱাপাৰা চুবুৰীত কৰ’ণাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ উক্ত চুবুৰীটোত তিনি দিনত ৫৩ গৰাকীকৈ লোকৰ দেহত ক'ভিড ১৯ ৰ অৱস্থিতি ধৰা পৰিছে ৷ চুবুৰীটোত কিছুদিন পূৰ্বে অনুষ্ঠিত হোৱা দুখন বিয়াৰ পৰা এনেদৰে ভয়াবহভাৱে কৰ’ণাৰ গণ সংক্ৰমণ হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : বৰপেটাত বৰ্তমানলৈ ক’ভিডত আক্ৰান্ত 605 গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.