দৰং,23 ডিচেম্বৰ: এগৰাকী শিক্ষক হ'বলৈ বি এড ডিগ্ৰী বাধ্যতামূলক কৰাৰ সময়তে দৰং জিলাৰ একমাত্ৰ শিক্ষক প্ৰশিক্ষন মহাবিদ্যালয় মঙলদৈ বি এড মহাবিদ্যালয়ৰ NCTE পঞ্জীয়ন বাতিল কৰা হৈছে ৷ প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষকৰ অভাৱ আৰু দুৰ্বল আন্ত:গাঠনিৰ বাবে চলিত বৰ্ষৰ NCTE পঞ্জীয়ন বাতিল কৰা হৈছে মহাবিদ্যালয়খনত ৷ যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন বিদ্যালয়ৰ পৰা অধ্যয়নৰ অনুমতি প্ৰাপ্ত শিক্ষক সকল অসুবিধাৰ সন্মুখীন হৈছে ৷
ইতিমধ্যে,NCTE পঞ্জীয়ন বাতিল সন্দৰ্ভত দৰং জিলা ছাত্ৰ সন্থাই জিলা উপায়ুক্ত এখন স্মাৰক পত্ৰ দাখিল কৰে ৷ অতি শীঘ্ৰে মহাবিদ্যালয়খনত প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ আহ্বান জনায় ৷ সভাপতি পৰাগ চহৰীয়া আৰু সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকাৰ লগতে দৰং আছুৰ কৰ্মী সকলে স্বাক্ষৰিত স্মাৰকপত্ৰখন প্ৰদান কৰে জিলা উপায়ুক্তক ৷
লগতে পঢ়ক: অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল