দৰং,10 এপ্ৰিল: অভিযোগ প্ৰতি-অভিযোগেৰে নিৰ্বাচনী বতাহ তুংগত উঠিছে মংগলদৈ লোকসভা সমষ্টিৰ নিৰ্বাচনী বতাহ ৷ কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰত নামিল বোলছবি আৰু মঞ্চজগতৰ অভিনেতা নয়ন নিৰ্বাণ ৷
বুধবাৰে দেওমৰনৈ মণ্ডল কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উন্মোচন কৰিলে অভিনেতা নয়ন নিৰ্বাণ বৰুৱাই ৷ সেই উপলক্ষে অনুস্থিত সভাত ভাষন প্ৰদান কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সাংস্কৃতিক কোষৰ সম্পাদক নয়ন নিৰ্বাণ বৰুৱাই কয় যে, বিজেপিত যোগদান কৰিলে ৰঙা লাইট জ্বলোৱা গাড়ীৰ প্ৰস্তাৱ আহিছিল দলৰ পৰা ৷ জাতিটোক বন্ধকত থৈ ৰঙা লাইট জ্বলোৱা গাড়ীত উঠাৰ ইচ্ছা নাই বুলি মন্তব্য কৰে অভিনেতা গৰাকীয়ে ৷ বিজেপিয়ে হিন্দু মুছলমানৰ মাজত জাত -পাতৰ ৰাজনীতি কৰি ভাগ ভাগ কৰিছে বুলিও তীব্ৰ সমালোচনা কৰে অভিনেতাগৰাকীয়ে ৷