ETV Bharat / state

দৰং জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন - DARRANG

দৰং জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন ৷ আলোচনা চক্ৰত বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰা হয় ৰাজ্যিক তথ্য আয়ুক্ত তথা দেশৰ এগৰাকী বিশিষ্ট সাংবাদিক, লেখক সমুদ্ৰ গুপ্ত কাশ্যপক ৷

NATIONAL PRESS DAY CELEBRATE IN DARRANG
দৰং জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন
author img

By

Published : Nov 16, 2020, 8:08 PM IST

দৰং, 16 নৱেম্বৰ: দৰঙত জিলা প্ৰশাসনৰ উদ্যোগত সোমবাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় । দৰং জিলা প্ৰশাসনে প্ৰেছ দিৱস উপলক্ষে সংবাদ মাধ্যমৰ ওপৰত ক'ভিড ১৯ ৰ প্ৰভাৱ আৰু এই সময়ত সংবাদ মাধ্যমৰ ভূমিকা শীৰ্ষক এখন আলোচনা চক্ৰৰ আয়োজন কৰে ৷ আলোচনা চক্ৰত বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰা হয় ৰাজ্যিক তথ্য আয়ুক্ত তথা দেশৰ এগৰাকী বিশিষ্ট সাংবাদিক, লেখক সমুদ্ৰ গুপ্ত কাশ্যপক ৷ সমুদ্ৰ গুপ্ত কাশ্যপে সংবাদ পৰিৱেশনৰ তাৎপৰ্য অনুধাৱন শীৰ্ষক বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰি ক’ভিড-19 ৰ সময়চোৱাত সংবাদ মাধ্যমৰ ভূমিকা উল্লেখযোগ্য বুলি মন্তব্য কৰে ।

আনহাতে, দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰায়ে ভাষণ প্ৰদান কৰি দৰং জিলাৰ সংবাদ মাধ্যমত কৰ্মৰত সাংবাদিকসকল সঁচা অৰ্থত ব্যতিক্ৰম বুলি উল্লেখ কৰে ৷ উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰা অনুসৰি দৰং জিলাৰ সংবাদকৰ্মীসকলে প্ৰশাসনৰ সৈতে জড়িত হৈ জিলাখনৰ উন্নয়নৰ বাবে নিজকে নিয়োজিত কৰিছে । বিশেষকৈ ক’ভিড-19 মহামাৰীৰ সৈতে যুঁজ দিয়াৰ সময়ত সকলোৱে একত্ৰিত হৈ ক’ভিড মুক্ত হোৱাৰ বাবে যি প্ৰয়াস কৰিলে, তাৰ প্ৰশংসা কৰে উপাযুক্তগৰাকীয়ে ৷

লগতে পঢ়ক: বনকৰা মহিলাই লুটিলে লক্ষাধিক টকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.