দৰং, 30 আগষ্টঃ মধ্যাহ্ন ভোজন পৰা বঞ্চিত ২নং মাগুৰমাৰী উত্তৰপাৰ পূব প্ৰাথমিক বিদ্যালয় ৷ মধ্যাহ্ন ভোজনৰ ধন আত্মসাৎ কৰাৰ অভিযোগ প্ৰধান শিক্ষক দোস্ত মহম্মদ ছাফিৰ বিৰুদ্ধে ৷ দীৰ্ঘদিন ধৰি মধ্যাহ্ন ভোজন পৰা বঞ্চিত হৈ আহিছে দৰঙৰ দলগাঁও-শিয়ালমাৰী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তগৰ্ত ২নং মাগুৰমাৰী উত্তৰপাৰ পূব প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। প্ৰধান শিক্ষক গৰাকীৰ অনিয়মিত উপস্থিতিৰ গুৰুতৰ অভিযোগ ছাত্ৰ ছাত্ৰীৰ ৷ উল্লেখ্য যে প্ৰাথমিক বিদ্যালয়খনত প্ৰধান শিক্ষকৰ অনিয়মীয়া উপস্থিতি আৰু মধ্যাহ্ন ভোজনত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ৷ ৰাইজ অতিষ্ঠ হৈ প্ৰধান শিক্ষকৰ বিৰুদ্ধে জাঙুৰ খাই উঠে ৷ প্ৰধান শিক্ষকৰ বিৰুদ্ধে চৰকাৰক উচিত ব্যৱস্থা লোৱাৰ দাবী জনায় ৷
মধ্যাহ্ন ভোজনৰ ধন আত্মসাৎ কৰিলে কোনে? - প্ৰধান শিক্ষক দোস্ত মহম্মদ ছাফি
মধ্যাহ্ন ভোজন পৰা বঞ্চিত ২নং মাগুৰমাৰী উত্তৰপাৰ পূব প্ৰাথমিক বিদ্যালয় ৷ মধ্যাহ্ন ভোজনৰ ধন আত্মসাৎ কৰাৰ অভিযোগ প্ৰধান শিক্ষক দোস্ত মহম্মদ ছাফিৰ বিৰুদ্ধে ৷ প্ৰধান শিক্ষক গৰাকীৰ অনিয়মিত উপস্থিতিৰ গুৰুতৰ অভিযোগ ছাত্ৰ ছাত্ৰীৰ ৷ অনিয়মীয়া উপস্থিতি আৰু মধ্যাহ্ন ভোজনত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত ৷ প্ৰধান শিক্ষকৰ বিৰুদ্ধে চৰকাৰক উচিত ব্যৱস্থা লোৱাৰ দাবী জনায় ৷
দৰং, 30 আগষ্টঃ মধ্যাহ্ন ভোজন পৰা বঞ্চিত ২নং মাগুৰমাৰী উত্তৰপাৰ পূব প্ৰাথমিক বিদ্যালয় ৷ মধ্যাহ্ন ভোজনৰ ধন আত্মসাৎ কৰাৰ অভিযোগ প্ৰধান শিক্ষক দোস্ত মহম্মদ ছাফিৰ বিৰুদ্ধে ৷ দীৰ্ঘদিন ধৰি মধ্যাহ্ন ভোজন পৰা বঞ্চিত হৈ আহিছে দৰঙৰ দলগাঁও-শিয়ালমাৰী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তগৰ্ত ২নং মাগুৰমাৰী উত্তৰপাৰ পূব প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। প্ৰধান শিক্ষক গৰাকীৰ অনিয়মিত উপস্থিতিৰ গুৰুতৰ অভিযোগ ছাত্ৰ ছাত্ৰীৰ ৷ উল্লেখ্য যে প্ৰাথমিক বিদ্যালয়খনত প্ৰধান শিক্ষকৰ অনিয়মীয়া উপস্থিতি আৰু মধ্যাহ্ন ভোজনত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ৷ ৰাইজ অতিষ্ঠ হৈ প্ৰধান শিক্ষকৰ বিৰুদ্ধে জাঙুৰ খাই উঠে ৷ প্ৰধান শিক্ষকৰ বিৰুদ্ধে চৰকাৰক উচিত ব্যৱস্থা লোৱাৰ দাবী জনায় ৷
Byte= Teacher/ Public
Students.
##; এটেনচন শিক্ষা মন্ত্ৰী ##
## :মাহ মাহ ধৰি মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত দৰঙৰ এখন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ।
## ভোকত কান্দি কান্দি বিদ্যালয়ৰ এৰি গুচি যায় কন কন ছাত্ৰ ছাত্ৰী ।
## কাচিৎহে উপস্থিত থাকে প্ৰধান শিক্ষক গৰাকী ।
## কাৰ পকেটত মধ্যাহ্ন ভোজনৰ ধন ।
Body:
দলগাঁও / ৩০ আগষ্ট
দীৰ্ঘদিন ধৰি মধ্যাহ্ন ভোজন পৰা বঞ্চিত হৈ আছে দৰঙৰ দলগাঁও-শিয়ালমাৰী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তগৰ্ত ২ নং মাগুৰমাৰী উত্তৰপাৰ পূব প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকল । ছাত্ৰ ছাত্ৰীৰ মুখত চাঞ্চল্যকৰ অভিযোগ -দুই তিনি মাহ পূৰ্বে আমাক মধ্যাহ্ন ভোজন দিছিল যদিও এতিয়া আৰু দিয়া নাই । মোৰ পইচা আছে বাবে কিবা কিবি কিনি খাও , যাৰ পইচা নাই ভোকত থাকিব নোৱাৰি আধাতে বিদ্যালয় এৰি ঘৰলৈ গুচি যায় । আনকি প্ৰধান শিক্ষক গৰাকীও কাচিৎহে বিদ্যালয়ত উপস্থিত হোৱাৰ গুৰুতৰ অভিযোগ ছাত্ৰ ছাত্ৰীৰ । উল্লেখযোগ্য যে দলগাঁও-শিয়ালমাৰী প্ৰাথমিক শিক্ষা খন্ডৰ অন্তগৰ্ত এই খন ২ নং মাগুৰমাৰী উত্তৰপাৰ পূব প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ অনিয়মীয়া উপস্থিতি আৰু মধ্যাহ্ন ভোজনত ব্যাপক দুৰ্নীতি- অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছিল । আজিও ছাত্ৰ ছাত্ৰীক যোগান ধৰা নহল দুপৰীয়াৰ আহাৰ , উপস্থিত নাথাকিল বিদ্যালয়ৰ প্ৰধান শিক্ষক দোস্ত মহম্মদ ছাফি ।
Conclusion:
কন কন ছাত্ৰ ছাত্ৰীৰ মুখৰ আহাৰ কাঢ়ি খোৱা বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে চৰকাৰে লব নে ব্যৱস্থা , নে ছাত্ৰ ছাত্ৰী সকল বঞ্চিত হৈয়ে থাকিব মধ্যাহ্ন ভোজনৰ পৰা ।
আব্দুল হাকিম
দলগাঁও ।