ETV Bharat / state

"পাইৰ'গ্ৰাফী"ৰ চৰ্চাৰে সকলোৰে দৃষ্টি আকৰ্ষণ মঙ্গলদৈৰ জিতুমণিৰ - অসমত পাইৰ'গ্ৰাফীৰ চৰ্চা

কাঠত গৰম লোহাৰে খুচি মঙ্গলদৈৰ যুৱক জিতুমণিয়ে অংকন কৰি গৈছে ইজনৰ পাছত সিজন প্ৰসিদ্ধ ব্যক্তিৰ ছবি ৷ অসমত প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে "পাইৰ'গ্ৰাফী"ৰ চৰ্চা ৷

mangaldoi youth started pyrography
অসমত প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে "পাইৰ'গ্ৰাফী"ৰ চৰ্চা
author img

By

Published : Dec 4, 2019, 10:55 PM IST

মঙলদৈ , 4 ডিচেম্বৰঃ বেজী গৰম কৰি গমাৰি কাঠত দেশৰ প্ৰতিষ্ঠিত আৰু মহান ব্যক্তি সকলৰ ছবি নিখুঁতকৈ অংকন কৰি গৈছে মঙ্গলদৈৰ জিতুমণি নামৰ যুৱকজনে ৷ যুৱকজন পূৰ্বতে কোনোধৰণেই জড়িত নাছিল সুকুমাৰ কলাৰ সৈতে ৷ যুৱকজনে সামাজিক মাধ্যমত youtube ৰ পৰা Pyrography কলাৰ প্ৰতি আগ্ৰহী হৈ জড়িত হৈ পৰিছিল শিল্পটোৰ সৈতে ৷ কাঠত লোহাৰ গৰম বেজীৰে খুচি জিতুমণিয়ে নিৰ্মাণ কৰি উলিয়াইছে মহাপুৰুষ শঙ্কৰদেৱ, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, লতা মংগেছকাৰ, ভূপেন হাজৰিকা, ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণ, চাৰ্লি চেপলিন আৰু বহুতো প্ৰসিদ্ধ ব্যক্তিৰ ছবি ৷

অসমত প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে "পাইৰ'গ্ৰাফী"ৰ চৰ্চা

পেছাত কম্পিউটাৰ শিক্ষক যুৱকজনে কেৱল নিজৰ ভাল লগাৰ বাবেহে এই শিল্পৰ লগত জড়িত হৈছিল যদিও শুভাকাংক্ষী সকলৰ অনুৰোধৰ বাবে তেওঁ এই পেছাদাৰীভাৱে এই কামত আগবঢ়াৰ কথা চিন্তা কৰিছে বুলি জানিবলৈ দিছে ৷ অসমত এই শিল্পক এক বিশেষ ৰূপ দি এক বাণিজ্যিক শিল্পৰ ৰূপ দিয়া তথা পেছাগতভাৱে এই কাম কৰাৰ বাবে অৱকাশ আছে বুলি মন্তব্য কৰে অগ্ৰণী যুৱকজনে ৷

লগতে পঢ়কঃ কেব গৃহীত হোৱাৰ পাচতহে পদক্ষেপ গ্ৰহণ কৰিব অসম গণ পৰিষদে !

Intro:মঙ্গলদৈ শংকৰ নগৰ নিবাসী যুৱক জিতুমনিৰ শিল্প কৰ্মই মোহিত সকলোকে

# শিক্ষা জীৱনত কাহানিও ছবি আঁকিব নজনা যুৱক জিতুমনিয়ে হঠাতে আঁকিব পৰা হল সুন্দৰ ছবি

# Phyrogrphy নামৰ এক নতুন শিল্পকৰ্মৰে কাঠৰ ওপৰত অংকন কৰিছে বিশ্বৰ বৰেণ্য লোক সকলৰ ছবি

# বেজী গৰম কৰি গমাৰি কাঠত অংকন কৰিছে অতুলনীয় ছবি Body:মঙলদৈ শংকৰ নগৰ নিবাসী জিতুমণি চহৰীয়া পেছাত এগৰাকী কম্পিউটাৰ শিক্ষক প্ৰাথমিক বিদ্যালয়ত আম , অমিতা অঁকাৰ বাহিৰে কাহানিও ছবি আঁকি পোৱা নাছিল ৷কিন্তু হঠাৎ নিজকে শিল্পী হিচাবে আবিষ্কাৰ কৰিলে পাছমাহ মান আগতে , টিভি , ৰেডিও জ্বলাই কৰা আইৰণ ডালেৰে কাঠত অংকন কৰি গল এখন পিছত এখন বিশ্ব বৰেণ্য শিল্পীৰ সকলৰ ছবি ৷ যুৱক জনে অঁকা ছবিবোৰ নিখুঁত আছিল ,যেন কোনো গ্লেমাৰ শিল্পীয়ে অংকন কৰিছে এই ছবিবোৰ, এক আচৰিত কথা কাহানিও সুকুমাৰ কলাৰ প্ৰতি আগ্ৰহ নথকা বা চর্চা নকৰা যুৱক জনে কেনেকৈ হঠাৎ নিখুঁত কৈ অংকন কৰিলে মহাপুৰুষ শঙ্কৰদেৱ , প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী , লতা মংগেছকাৰ, ভূপেন হাজৰিকা , সৰ্বপলি ৰাধা কৃষ্ণণ , চাৰ্লিচাপলিন , আৰু বহুতো ব্যক্তিৰ ছবিৰ লগতে কেবাখনো 3D ছবি ৷ আচলতে যুৱক জনৰ প্ৰতিভা জন্মগত কিন্তু নিজক পৰীক্ষা কৰি বা নিজক জুখি চোৱা নাছিল৷নিজেই youtube ত বিচাৰি উলিয়ালে যে গৰম বেজিৰে কৰা এনে শিল্প কৰ্মক Pyrography কলা বুলি কয়৷ আৰু Youtube পৰা যথেষ্ট খিনি কায়দা কিটিপ আয়ত্ত কৰি লৈ যুৱক জনে সকলোৰে প্ৰশংসা বুটলিব সক্ষম হোৱাত যুৱক জন এতিয়া উৎসাহিত হৈ পৰিছে৷Conclusion:Debabrat goswami.Darrang
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.