মংগলদৈ, 14 মাৰ্চঃ মংগলদৈ শংকৰ নগৰ নিবাসী জিতুমণি চহৰীয়া পেছাত এগৰাকী কম্পিউটাৰ শিক্ষক ৷ প্ৰাথমিক বিদ্যালয়ত আম, অমিতা অঁকাৰ বাহিৰে কাহানিও ছবি আঁকি পোৱা নাছিল জিতুমণি চহৰীয়াই ৷ কিন্তু হঠাৎ নিজকে শিল্পী হিচাবে আবিষ্কাৰ কৰিলে পাছমাহ মান আগতে ৷ টিভি, ৰেডিঅ' ছোলদাৰিং কৰা আইৰণ ডালেৰে কাঠত অংকণ কৰি গ'ল এখনৰ পিছত এখন বিশ্ব বৰেণ্য শিল্পীৰ ছবি ৷ যুৱকজনে অঁকা ছবিবোৰ ইমানেই নিখুঁত যে তাক প্ৰত্যক্ষ কৰিলে লাগে, কোনো গ্লেমাৰ শিল্পীয়ে অংকণ কৰিছে ছবিবোৰ ৷
কাহানিও সুকুমাৰ কলাৰ প্ৰতি আগ্ৰহ নথকা বা চর্চা নকৰা যুৱকজনে কেনেকৈ হঠাৎ নিখুঁত কৈ অংকন কৰিলে মহাপুৰুষ শঙ্কৰদেৱ, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, লতা মংগেছকাৰ, ভূপেন হাজৰিকা , সৰ্বপল্লী ৰাধাকৃষ্ণণ, চাৰ্লিচাপলিন লগতে আন বহুতো ব্যক্তিৰ ছবি ৷ লগতে কেইবাখনো 3ডি ছবিও অংকণ কৰিলে যুৱকজনে ৷ Youtube ত বিচাৰি নিজৰ প্ৰতিভাক এনেদৰে বিকশিত কৰাৰ লগতে নিজৰ অন্য এক প্ৰতিভা জুখি চাবলৈ সক্ষম হয় এইগৰাকী যুৱকে ৷
উল্লেখ্য যে, গৰম বেজিৰে কৰা এনে শিল্প কৰ্মক Pyrography কলা বুলি কোৱা হয় ৷ Youtubeৰ পৰাই যথেষ্ট খিনি কায়দা কিটিপ শিকি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে যুৱকজন ৷ আনহাতে, এই শিল্পৰ পৰা উৎসাহিত হৈ ব্যৱসাহিক দিশত আগবঢ়োৱাৰ হেঁপাহ থকা বুলি উল্লেখ কৰে জিতুমণি চহৰীয়াই ৷
আৰু পঢ়কঃ সংগঠনৰ শক্তি বুজিবলৈ বিজেপিয়ে অকলে খেলিব বি টি চি নিৰ্বাচন