ETV Bharat / state

দলগাঁৱত সমবায় সমিতিৰ সম্পাদকক গ্ৰেপ্তাৰৰ দাবী স্থানীয় লোকৰ - Locals demand arrest

সমবায় সমিতিৰ সম্পাদকৰ বিৰুদ্ধে অনিময়ৰ অভিযোগ ৷ দৰং জিলাৰ দলগাঁৱৰ বৰুৱাঝাৰ সমবায় সমিতিৰ সম্পাদকে চাউল বিক্ৰী কৰিবলৈ গৈ হাতে লোটে ধৰাৰ পৰাৰ পিছতো গ্ৰেপ্তাৰ নকৰাৰ ঘটনাক লৈ জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজে (Locals demand arrest of cooperative society secretary )৷

Locals demand arrest of cooperative society secretary at Dalgaon
দলগাঁৱত সমবায় সমিতিৰ সম্পাদকক গ্ৰেপ্তাৰৰ দাবী স্থানীয় লোকৰ
author img

By

Published : Oct 13, 2022, 9:53 AM IST

দলগাঁও, 13 অক্টোবৰ: "যোগান বিভাগ অকামিলা, দুখীয়াৰ পেটৰ ভাত কাঢ়ি খাই সিহঁতে কৌটিপতি হৈছে ৷ দুখীয়াৰ প্ৰতি কোনো ধৰণৰ দয়া নাই ৷ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছো অতি সোনকালে বিভাগীয় কৰ্তৃপক্ষই তদন্ত কৰি প্ৰকৃত কালপ্ৰীতক ধৰি বিহিত ব্যৱস্থা কৰক ৷" দৰং জিলাৰ দলগাঁৱৰ বৰুৱাঝাৰ সমবায় সমিতিৰ সম্পাদকৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজে (Locals demand arrest of cooperative society secretary )৷ বুধবাৰে এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰি এই মন্তব্য প্ৰকাশ কৰে প্ৰতিবাদকাৰীয়ে (Locals protest against CSS secretary) ৷

জানিব পৰা মতে যোৱা ১৪ চেপ্টেম্বৰত বৰুৱাঝাৰ সমবায় সমিতিৰ সম্পাদক ছহিদুল ইছলামে AS 12BC 2010 নম্বৰৰ ডি আই গাড়ীখনত ভৰ্তি কৰি ৭০ বস্তা সুলভ মূল্যৰ চাউল বিক্ৰীৰ বাবে খাৰুপেটীয়াৰ এটা ৰাইচ মিললৈ লৈ গৈছিল ৷ বিক্ৰীৰ বাবে চাউলৰ বস্তাকেইটা নমাই‌ থকা অবস্থাতে দৰং আৰক্ষীয়ে খাৰুপেটীয়া আৰক্ষীৰ সহযোগত অভিযান চলাই ‌চাউল‌‌ৰ বস্তাসহ গাড়ীখনৰ চালকজনক হাতে লোটে আটক কৰে ৷

দলগাঁৱত সমবায় সমিতিৰ সম্পাদকক গ্ৰেপ্তাৰৰ দাবী স্থানীয় লোকৰ

আৰক্ষীয়ে চাউলখিনি জব্দ কৰাৰ লগতে মিলটোৰ মালিকক গ্ৰেপ্তাৰ কৰি পৰৱৰ্তী সময়ত জেললৈ প্ৰেৰণ কৰিছিল । কিন্তু সমবায় সমিতিখনৰ সম্পাদকজনৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ ৷

ইফালে সমবায়খনত যোগান বিভাগৰ পৰা মাজে মধ্যে দুই তিনিজনকৈ লোকে সোধ-পোছ কৰিবলৈ আহে যদিও তেওঁলোকেও আৰক্ষী চকী অথবা মিলৰ পৰা চাউল লৈ নিজৰ বেগ ভৰ্তি কৰি উভতি যায় ৷ এনে কাণ্ড কাৰখানাৰ পাছত এতিয়া যোগান বিভাগৰ ওপৰতো আস্থা হেৰুৱাইছে এইসকল স্থানীয় লোকে ৷

ইতিমধ্যে চাউল জব্দ কৰা ঘটনাৰ সন্দৰ্ভত বাহনখনৰ চালক, হেণ্ডিমেন আৰু সমবায়ৰ স্বত্বধিকাৰী সহ ছহিদুলে নিজেই চাউলখিনি ছহিদুলৰ আছিল বুলি বাৰম্বাৰ কোৱাৰ পিছতো কেৰেপ কৰা নাই প্ৰশাসন তথা আৰক্ষীয়ে ৷ এনে পৰিপেক্ষিতত ক্ষোভিত ৰাইজে সংবাদমাধ্যমক ক’লে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোৱা "সবকা সাথ সবকা বিকাশ" এই সকলোবোৰ একো একোখন ভেকু-ভাওনাহে ৷ আৰক্ষীয়ে অচিৰেই বিভাগীয় কৰ্তৃপক্ষই ছহিদুলক গ্ৰেপ্তাৰ কৰক ৷

স্থানীয় প্ৰতিবাদী লোকসকলে অসম চৰকাৰ হায় হায়, যোগান মন্ত্ৰী হায় হায়, সম্পাদক ছহিদুল ইছলামক নিলম্বন কৰক আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক: Workshop on sericulture: কোকৰাঝাৰত ৰেচম বিভাগৰ দুদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.