ETV Bharat / state

কৌপাটী চাহ বাগিচাত স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে ৰেপিড এন্টিজেন পৰীক্ষা - কৌপাটী চাহ বাগিচাত ৰেপিড এন্টিজেন টেষ্ট

কৌপাটী চাহ বাগিচাত স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে ৰেপিড এন্টিজেন পৰীক্ষা ৷ 10 জন শ্ৰমিকৰ দেহত কোভিড-19 মহামাৰীৰ উপস্থিতি ধৰা পৰিছে ৷ বাগিছাখনত ব্যাপক গণ-সংক্ৰমণৰ আশংকা কৰা হৈছে ৷

কৌপাটী চাহ বাগিচাত স্বাস্থ্য বিভাগৰ ৰেপিড এন্টিজেন পৰীক্ষা

author img

By

Published : Aug 13, 2020, 11:52 PM IST

দলগাঁও, 13 আগষ্ট : ৰাজ্যজুৰি একলাখ কোভিড-১৯ পৰীক্ষা সম্পন্ন কৰাৰ লক্ষ্যেৰে স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে ৰেপিড এন্টিজেন পৰীক্ষা ৷ এই অভিযানৰ অংশ হিচাপে দৰং,ওদালগুৰি জিলাৰ সীমামূৰীয়া কৌপাটী চাহ বাগিচাতো আৰম্ভ কৰা হৈছে ৰেপিড এন্টিজেন টেষ্ট ৷

বাগিচাখনত ক্ৰমান্বয়ে আৰম্ভ হৈছে গণ-সংক্ৰমন ৷ বাগিচাখনৰ প্ৰায় ৩ হেজাৰ জনসংখ্যাৰ মাজত প্ৰায় ১২০০ শ্ৰমিক আছে ৷

কৌপাটী চাহ বাগিচাত স্বাস্থ্য বিভাগৰ ৰেপিড এন্টিজেন পৰীক্ষা
কৌপাটী চাহ বাগিচা

বিগত সোমবাৰে বাগিছাখনৰ 10জন কোভিড পজিটিভ চিনাক্ত হোৱাৰ পিছত আজি ওৰাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ কৰ্মচাৰীসকলে বাগিছাখনত উপস্থিত হৈ ৰেপিড এন্টিজেন পৰীক্ষা সম্পন্ন কৰে ৷ বাগিচাখনৰ শ্ৰমিকসকলে পৰীক্ষা কৰাবলৈ কৌপাটী চাহ বাগিচাৰ স্বাস্থ্য কেন্দ্ৰত ভিৰ কৰা পৰিলক্ষিত হয় ৷ কনন্টেইনমেন্ট জ'নত থকা ব্যক্তিসকলকো স্বাস্থ্যকৰ্মীসকলে নিয়মিতভাৱে সেৱা কৰি থকা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : স্বতন্ত্ৰতা দিৱসৰ বাবে পূৰ্ণগতিত ভাৰতীয় সেনাৰ অনুশীলন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.