ETV Bharat / state

কলাইগাঁও কাণ্ডঃ কেনে আছে যাদৱ চহৰীয়া আৰু তেখেতৰ পৰিয়াল ? কি কয় পত্নীয়ে !

author img

By

Published : Oct 4, 2019, 6:27 PM IST

Updated : Oct 4, 2019, 7:41 PM IST

কিন্তু  এতিয়া কেনে আছে পৰিয়ালটো? কুশলে আছেনে যাদৱ চহৰীয়া আৰু তেখেতৰ পত্নী ? অন্ধ বিশ্বাস দূৰ কৰিবলৈ কি পদক্ষেপ লৈছে চৰকাৰ, দল-সংগঠন তথা দৰং জিলা প্ৰশাসনে ?

ভূত ওলাইছে !

নিউজ ডেস্ক, 4 অক্টোবৰঃ 2019 চনৰ 6 জুলাই, স্থান ওদালগুৰি জিলাৰ কলাইগাঁও ৷ অন্ধ বিশ্বাসৰ বলি হৈছিল কলাইগাঁৱৰ কুলশীপাৰৰ এটা পৰিয়াল ৷ অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ উলংগ পূজা-পাঠ আৰু নৰবলি(!) দিয়াৰ চেষ্টা চলিছিল মাজখুটি লাল বাহাদুৰ শাস্ত্ৰী হাইস্কুলৰ বিজ্ঞান শিক্ষক যাদৱ চহৰীয়া আৰু তেখেতৰ পৰিয়ালবৰ্গই ৷ অগ্নি সংযোগ কৰিছিল ঘৰৰ সা-সম্পত্তিত ৷ পৰিস্থিত নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হৈছিল ৷ স্থানীয় ৰাইজ আৰু এজন ছাত্ৰ নেতাৰ সহযোগত উদ্ধাৰ কৰা হৈছিল বলি দিবলৈ অনা বুলি সন্দেহ কৰা শিশুটিক ৷ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ভৰিত গুলীয়াইছিল পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ তথা এমবিএ ডিগ্ৰীধাৰী পুলকেশ চহৰীয়াক, পৰৱৰ্তী সময়ত মৃত্যু হয় পুলকেশৰ ৷ ঘটনাত আহত হৈছিল পিতৃ যাদৱ চহৰীয়া ৷ সমগ্ৰ ৰাজ্য তথা দেশ জোঁকাৰি গৈছিল অন্ধ বিশ্বাসৰ এই ঘটনাই ৷

প্ৰথমে শুনক, যাদৱ চহৰীয়াৰ পত্নী তথা তেখেতৰ পৰিয়ালৰ ভাষ্য....

মাটি বিক্ৰী কৰি চিকিৎসা চলাই আছে যাদৱ চহৰীয়াৰ ৷ বৰ্তমানেও গুৱাহাটী মেডিকেল কলেজ হাস্পাতাল চিকিৎসাধীন চহৰীয়া ৷ পত্নী বৰ্তমান আশ্ৰয় গ্ৰহণ কৰি আছে নিজৰ ককায়েকৰ ঘৰত ৷

''মোৰ ল'ৰাটোক মাৰি পেলালে''

কিন্ত কলাইগাঁৱৰ পৰা জানো দূৰ হ'ল অন্ধ বিশ্বাস?

স্থানীয় লোকৰ ভাষ্য যাদৱ চহৰীয়াৰ ঘৰৰ পৰা ভাঁহি আহে কান্দোনৰ ৰোল, কোনোবাই শিলগুটি দলিওৱাৰ শব্দ আৰু কোনো কোনো দেখিছে দুজন মানুহৰ প্ৰতিচ্ছবি ৷

ভূত ওলাইছে

কি কয় দল সংগঠন তথা স্থানীয় লোকে ?

কলাইগাঁও কাণ্ডৰ মূল অভিযুক্ত তান্ত্ৰিক ৰমেশ চহৰীয়া বৰ্তমান আৰক্ষীৰ জালত যদিও বৰ্তমানেও পলাতক আন এজন অভিযুক্ত কাজল ভূঞা ৷

শিশু উদ্ধাৰকাৰী যুৱকজনে কি কয় এতিয়া?

কোনে দিব সমাধান ! আৰু কিমান দিনলৈ সমাজত চলি থাকিব এইধৰণ অন্ধ-বিশ্বাসৰ ঘটনা ৷ কোনে বুজাব এইসকল লোকক!

Intro:কলাই গাও অন্ধ্ৰ বিশ্বাস ৰ ভিদিওBody:কলাই গাও অন্ধ্ৰ বিশ্বাস ৰ ভিদিও,,,,,,,,,,,,,Conclusion:দেবব্রত গোস্বামী, ,,,,দৰঙ
Last Updated : Oct 4, 2019, 7:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.