দলগাঁও, ১৮ ফেব্ৰুৱাৰী: দৰং জিলাৰ খাৰুপেটীয়া উপ-সংমণ্ডল কাৰ্যালয় প্ৰাংগনত বিদ্যুৎ কৰ্মচাৰীসকলে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ । বৃহস্পতিবাৰে পুৱা ৯.৩০ বজাৰ পৰা ১১ বজালৈ ডেৰঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কৰ্মচাৰী সকলে । চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে খাৰুপেটীয়া উপ-সংমণ্ডল কাৰ্যালয় চৌহদ । বৈদ্যুতিক উপ নিয়ন্ত্ৰণ কেন্দ্ৰ আৰু ফিডাৰ ব্যক্তিগত কৰাৰ বিৰোধিতাৰে এই প্ৰতিবাদ সাব্যস্ত কৰে বিদ্যুৎ কৰ্মচাৰীসকলে ।
ইফালে এই প্ৰতিবাদৰ ফলত খাৰুপেটীয়াৰ বিদ্যুৎ কাৰ্যালয়ৰ কাম-কাজ ব্যাহত হোৱা পৰিলক্ষিত হয় । গ্ৰাহকৰ বিল কাউণ্টাৰ, কাম-কাজ সকলো বন্ধ হৈ পৰে । উল্লেখ্য যে, আছাম ষ্টেট ইলেক্ট্ৰিকচিটি ওৱাৰ্কছ ইউনিয়ন মঙলদৈ সংমণ্ডলৰ আহ্বানত কো অডিনেছন কমিটি অফ ইলেক্ট্ৰিছিটি এপ্লইজ ইঞ্জিনিয়াৰ্চৰ সমৰ্থনত অস্থায়ী কৰ্মচাৰীসকলক স্থায়ী নিযুক্তি আৰু ব্যক্তিগতকৰণৰ বিৰোধিতাৰে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।
লগতে পঢ়ক:গৰু চিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈ উঠিল ন-কংগ্ৰেছী নেত্ৰী মিৰা বৰঠাকুৰ