দলগাঁও, 4 ডিচেম্বৰঃ নিবনুৱা সমস্যাই জুৰুলা কৰা কেইগৰাকীমান শিক্ষিত যুৱক যুৱতীয়ে কৃষিৰে দেখুৱাইছে স্ব-নিয়োজনৰ পথ ৷ খাৰুপেটীয়াৰ বিহুদিয়া গাঁৱৰ কেইজনমান উচ্চশিক্ষিত যুৱক যুৱতীয়ে নিজৰ লগতে আন শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ বাবে কঢ়িয়াই আনিছে আশাৰ বতৰা ৷
![Kharupetia Educated Youth Farming by Malting Process](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-dalgaon-4december-801-810-dalgaon-surprising-farmer-visual-byte-abdul-hakim-as-10064_04122019082840_0412f_1575428320_244.png)
![Kharupetia Educated Youth Farming by Malting Process](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-dalgaon-4december-801-810-dalgaon-surprising-farmer-visual-byte-abdul-hakim-as-10064_04122019082840_0412f_1575428320_760.png)
যৌথ প্ৰচেষ্টাৰে তেওঁলোকে আৰম্ভ কৰিছে এক ব্যতিক্ৰমী কৰ্ম ৷ বহিঃৰাজ্যৰ পৰা প্ৰশিক্ষণ লৈ 20 বিঘাৰো অধিক মাটিত মালচিং পদ্ধতিৰে কৰিছে ভিন্ন পাঁচলিৰ খেতি ৷ কম সময়ৰ ভিতৰত শস্য বৃদ্ধি হোৱা এই মালচিং পদ্ধতিয়ে লাঘৱ কৰে শ্ৰম ৷ বহু দিনলৈ ধৰি ৰাখিব পাৰে পানী, লগতে প্ৰখৰ ৰ'দ আৰু বৰষুণতো হ্ৰাস নহয় খেতিত প্ৰয়োগ কৰা সাৰৰ গুণাগুণ ৷
মালচিং পদ্ধতিৰে যুৱক যুৱতীসকলে উৎপাদন কৰা শাক পাঁচলিয়ে বজাৰত সমাদৰ লাভ কৰিছে যদিও সেই অনুপাতে পোৱা নাই বজাৰ মূল্য । তেওঁলোকৰ মতে, একাংশ মধ্যভোগীৰ বাবে উচিত বজাৰ মূল্যৰ পৰা বঞ্চিত হৈছে তেওঁলোকৰ দ্বাৰা উৎপাদিত পাঁচলিসমূহ ৷