দলগাঁও,19 এপ্ৰিলঃ লক ডাউনৰ বাবে সৰ্বস্বান্ত খাৰুপেটিয়াৰ দুগ্ধ উৎপাদক সকল ৷ খাদ্য সংকটৰ সন্মুখীন পশুধন ৷ বিক্ৰী কৰিব নোৱাৰৰ বাবে প্ৰতিদিনে পেলাই দিবলগীয়া হৈছে লিটাৰে লিটাৰে গাখীৰ ৷ উল্লেখ্য যে,খাৰুপেটীয়াৰ নিকটৱৰ্তী 4নং আৰিমাৰী গাঁৱৰ আয়ুব আলী নামৰ ম'হ পালক জনে জনোৱা অনুসৰি তেওঁৰ ১০ টা মহৰ পৰা দৈনিক প্ৰায় ৭০/৮০ লিটাৰ গাখীৰ উৎপাদন হয়। যাৰ বজাৰ মূল্য প্ৰায় ৫ হাজাৰ টকা । কিন্তু লক ডাউনৰ বাবে উৎপাদিত এই গাখীৰ বজাৰত বিক্ৰী কৰিব নোৱাৰি প্ৰায়েই পেলাই দিব লগীয়া হৈছে ৷
আনহাতে,ধনৰ অভাৱত পশুধনসমূহক যোগান ধৰিব পৰা নাই প্ৰয়োজনীয় খাদ্য ৷ ফলত দিনক দিনে ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি ঘটিছে পশুধনসমূহৰ ৷ যাৰ ফলত চিন্তিত হৈ পৰিছে কেৱল গাখীৰ উৎপাদনেৰে পৰিয়াল পোহপাল দিয়া আয়ুব আলী নামৰ দুগ্ধ উৎপাদকজন ৷
লগতে পঢ়ক-নলবাৰীত চিপ লৈ মহিলাৰ আত্মহত্যা