মঙলদৈ, 9 নৱেম্বৰ : ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে মঙলদৈতো জল দীপাৱলী অনুষ্ঠিত কৰা হয় ৷ ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান, মঙলদৈ পৌৰসভা আৰু 'অম্ৰুত'ৰ যৌথ উদ্যোগত মঙলদৈত জল দীপাৱলী অনুষ্ঠিত কৰা হয় ৷
![Jal Diwali 2023](https://etvbharatimages.akamaized.net/etvbharat/prod-images/09-11-2023/19988269_nnn.jpg)
মঙলদৈৰ জাইকা প্ৰকল্প প্ৰাংগণত এই অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ পুৱা 9 বজাত মঙলদৈ পৌৰসভাৰ পৰা জাইকা প্ৰকল্পলৈ এক শোভাযাত্ৰা বাহিৰ কৰা হয় ৷ তাৰপিছত 10 বজাত অনুষ্ঠিত হোৱা এখন সভাত মঙলদৈ পৌৰ সভাৰ অধীনৰ আত্মসহায়ক গোটৰ 30 গৰাকী মহিলাই অংশগ্ৰহণ কৰে ৷
![Jal Diwali 2023](https://etvbharatimages.akamaized.net/etvbharat/prod-images/09-11-2023/19988269_di.jpg)
পানীৰ বিশুদ্ধতা, পানীৰ সদব্যৱহাৰ আদি বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰি মহিলাসকলৰ মাজত পানীৰ ব্যৱহাৰ আৰু সংৰক্ষণৰ বিষয়ে সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰা হয় ৷ পানীৰ ব্যৱহাৰ, পানী কিমান বিশুদ্ধভাৱে ব্যৱহাৰ হৈছে, পানীৰ অপচয়ক লৈ সজাগতা আদি বিষয়সমূহ সামৰি আয়োজিত আজিৰ কার্যসূচীত অংশ লোৱা মহিলাসকলে সমাজৰ বিভিন্ন স্তৰৰ লোকৰ ওচৰলৈ বিশুদ্ধ পানীৰ ব্যবহাৰ, পানীৰ উপযুক্ত ব্যৱহাৰৰ বাৰ্তাসমূহ লৈ যাব ৷
বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত উপস্থিত আছিল গুৱাহাটীৰ অম্ৰুত মিচনৰ নডেল বিষয়া নাতাশা কাকতি, মঙলদৈ পৌৰসভাৰ কাৰ্যবাহী বিষয়া ইহছানুল হুছেইন, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা পৰাগ নাথ, ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ মঙলদৈৰ প্ৰকল্প প্ৰবন্ধক মানস দাস আৰু পৌৰসভাৰ বিষয়া-কৰ্মচাৰী সকলো উপস্থিত আছিল ৷
উল্লেখ্য যে, প্ৰধানমন্ত্ৰীৰ অভিনৱ প্ৰয়াসৰ অন্তৰ্গত ভাৰতৰ প্ৰত্যেকখন ৰাজ্যত জল দীপাৱলীৰ আয়োজন কৰা হৈছে। "জল দীৱালী- মহিলাৰ বাবে পানী, পানীৰ বাবে মহিলা" শ্লোগানেৰে আৰম্ভ সমগ্ৰ দেশতে আৰম্ভ হৈছে এই জল দীপাৱলীৰ ৷
এই উৎসৱৰ লক্ষ্য হৈছে, পানীৰ সংৰক্ষণ কৰা, পানীৰ অপব্যৱহাৰ বন্ধ কৰা । দেশৰ 550 খন চহৰত এই উৎসৱ চলি আছে ৷
লগতে পঢ়ক : GST evasion in cracker business: বৃহৎ কৰ ফাঁকিৰে নগাঁৱত চলিছে ফটকাৰ বজাৰ