দৰং, 26 জুলাই : যৌতুকৰ বাবে ৰাজ্যত পুনৰ সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ ঘটনা । একবিংশ শতিকাৰ এই যুগতো সংঘটিত হৈছে এনেধৰণৰ ঘটনা ৷ যৌতুকৰ বাবে পত্নীক অত্যাচাৰ চলোৱাৰ লগতে তেল ঢালি জ্বলাই দিয়াৰ অপচেষ্টা চলোৱা ঘটনাই বৰ্তমান চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
যৌতুকৰ বাবে পত্নীক অত্যাচাৰ চলোৱাৰ লগতে তেল ঢালি জ্বলাই দিয়াৰ অপচেষ্টা । এনে এক কৰুণ ঘটনা সংঘটিত হৈছে দৰং জিলাৰ ছিপাঝাৰ থানাৰ অন্তৰ্গত শাতখলি গাঁৱত । উল্লেখ্য যে, ডেৰ বছৰ পূৰ্বে শাতখলিৰ কালামূল হক নামৰ যুৱকজনে পলুৱাই লৈ গৈছিল যুৱতীগৰাকীক ।
যুৱতীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰি কয় যে, দীৰ্ঘদিন ধৰি স্বামীগৃহই যৌতুকৰ বাবে মাৰ-ধৰ কৰাৰ লগতে দেওবাৰে নিশা যুৱতীগৰাকীক বান্ধি লৈ জ্বলাই দিয়াৰ অপচেষ্টা চলায় ।
মহিলাগৰাকীয়ে কোনোমতে পলাই প্ৰাণৰক্ষা কৰাৰ লগতে বান্ধৱী এগৰাকীৰ ম’বাইল যোগে পিতৃগৃহত খবৰ দিয়ে । এই খবৰ পোৱাৰ লগে লগে যুৱতীগৰাকীৰ মাতৃ আৰু ককায়েক ঘটনাস্থলীত উপস্থিত হয় ৷ কিন্তু স্বামী আৰু দেওৰেকে উভয়ে মিলি তেওঁলোককো আক্ৰমণ কৰে । দাৰে মূৰত আক্ৰমণ কৰাৰ ফলত গুৰুতৰভাৱে আহত ককায়েকক ছিপাঝাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
উল্লেখ্য যে, ডেৰ মাহ পূৰ্বে মহিলাগৰাকীয়ে এটা সন্তান জন্ম দিছিল । স্বামীগৃহই যৌতুকৰ নামত দীৰ্ঘদিন ধৰি চলোৱা এনে অত্যাচাৰত উপায়হীন হৈ পৰিছে মহিলাগৰাকী । উক্ত ঘটনা সন্দৰ্ভত ভূক্তভোগী মহিলাগৰাকীয়ে ন্যায় বিচাৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনোৱাৰ লগতে এই সন্দৰ্ভত ছিপাঝাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।
কিছুদিন পূৰ্বে মহানগৰী গুৱাহাটীৰ ধীৰেণপাৰাত সংঘটিত হৈছিল শিক্ষিত সমাজক লজ্জানত কৰা যৌতুকৰ আন এক ঘটনা ৷ মহিলাগৰাকীয়ে উত্থাপন কৰা অভিযোগ মতে, বিয়াৰ পিচৰ পৰাই স্বামী দয়ালকৃষ্ণ পাঠকে কাঠৰ ফাৰ্ণিচাৰৰ অজুহাত, নগদ ধন আদি বিচাৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছে ৷ আনকি নিৰ্যাতনৰ সকলো সীমা অতিক্ৰম কৰি পত্নীৰ অশ্লীল দৃশ্য সম্বলিত মাৰপিটৰ ভিডিঅ' ছ’চিয়েল মিডিয়াত ভাইৰেল কৰা বুলিও অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে ৷
এনে ঘটনা আৰু কিমান ঘটিব ? যৌতুকৰ বাবেই হোৱা এনে ঘটনা নিঃশেষ কৰাৰ বাবে আৰক্ষীয়ে কিবা পদক্ষেপ ল’বনে ? নে এটাৰ পিচত আনটো এনে ঘটনাই পুনৰ সমাজখনক লজ্জানত কৰিব, সেয়া এই মুহুৰ্তত এটা লাখটকীয়া প্ৰশ্ন হৈ পৰিছে ৷